NORTHEAST NOW (Assamese)

১০০ মিটাৰৰ নতুন সম্ৰাট, বিশ্বৰ দ্ৰুততম মানৱ, ৯.৭৯ ছেকেণ্ডত অলিম্পিক চেম্পিয়ন নোৱা লাইলছ

August 5, 2024 11:12 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

অলিম্পিকত পুৰুষৰ ১০০ মিটাৰ দৌৰত নোৱা লাইলছে সোণৰ পদক লাভ কৰিছে। তেওঁ হৈ পৰিল পৃথিৱীৰ আটাইতকৈ দ্ৰুততম মানৱ। সময় ল’লে মাত্ৰ ৯.৭৯ ছেকেণ্ড। দেওবাৰে পেৰিছৰ ষ্টেড ডি ফ্ৰান্সত দেখা গ’ল এই গ্ৰহৰ আটাইতকৈ দ্ৰুততম ব্যক্তিক। বহুতে মনত পেলাব নোৱাৰিব যে শেষবাৰৰ বাবে এনে দৌৰ কেতিয়া দেখা গৈছিল।

ফটো ফিনিছিঙৰ দ্বিতীয় স্থানত আছিল সোণৰ দাবীদাৰ আন এজন প্ৰতিদ্বন্দ্বী কিছানে থমছন। তেওঁ সময় লৈছিল ৯.৭৯ ছেকেণ্ড। এটা চেকেণ্ডক ১০০০ ভাগত ভাগ কৰি বিজয়ী নিৰ্ণয় কৰা হয়। তাত নোৱাই চেকেণ্ডৰ ভগ্নাংশত জয়ী হয়। আমেৰিকাৰ ফ্ৰেড কাৰ্লিয়ে ৯.৮১ ছেকেণ্ড সময়েৰে ব্ৰঞ্জৰ পদক লাভ কৰে।

লগতে পঢ়কঃ টীম ইণ্ডিয়াৰ ছন্দপতন! ৱাণ্ডাৰছেৰ স্পিনত ধৰাশায়ী ভাৰত, দ্বিতীয়খন এদিনীয়াত মসৃন জয় শ্ৰীলংকাৰ

২০০৮ চনৰ পৰা ২০১৬ চনলৈকে অলিম্পিকত জামাইকাই আধিপত্য বিস্তাৰ কৰিছিল। কোৱা ভাল উছাইন ব’ল্ট। অলিম্পিকত তেওঁ একেৰাহে তিনিবাৰকৈ সোণৰ পদক লাভ কৰে। টকিঅ’ অলিম্পিকৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছিল ব’ল্টে।  জামাইকাৰ কোনোৱে  শীৰ্ষ তিনিটাৰ ভিতৰত স্থান লাভ কৰা নাছিল।

কিন্তু পেৰিছ অলিম্পিকৰ পূর্বে কিছানেৰ ওপৰত আশাৰ সঞ্চাৰ হৈছিল৷ বছৰটোৰ সৰ্বোত্তম সময় তেওঁৰে আছিল। লগতে অব্লিক চেভিলেও আশাৰ সঞ্চাৰ কৰিছিল। কিছানে প্ৰথম ৰাউণ্ড আৰু হিটত নিজৰ নামৰ সৈতে ন্যায় কৰিছিল। ফাইনেলত আৰু অলপ হ’লেই সোণ আজুৰিব পাৰিলেহেঁতেন। কিন্তু সেয়া নহ’ল।

সুদীৰ্ঘ দিনৰ অন্তত ১০০ মিটাৰ দৌৰত আমেৰিকাই সোণৰ পদক লাভ কৰে। জাষ্টিন গেটলিনে শেষবাৰৰ বাবে ২০০৪ চনত সোণৰ পদক লাভ কৰিছিল। ইয়াৰ পিছত দেশখনে পালে নোৱাক। ১৮৯৬ চনত অলিম্পিক আৰম্ভ হোৱাৰ পিছত আমেৰিকাই প্ৰথমবাৰ তিনিবাৰকৈ সোণৰ পদক লাভ কৰিছিল। আমেৰিকাই ১০০ মিটাৰত ১৬টা সোণৰ পদক লাভ কৰিছে। পৃথিৱীৰ আন কোনো দেশৰ এই আধিপত্য নাই। মাজতে জামাইকাৰ পিছ পৰি ৰৈছিল। নোৱাই সেই গৌৰৱ পুনৰ ঘূৰাই দিলে।

লগতে পঢ়কঃ ব’ল ব’মত অঘটন, উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত খুন্দিয়ালে DJয়েই; বিহাৰৰ হাজীপুৰত ৯ জনৰ মৃত্যু

যিকোনো অলিম্পিকতে পুৰুষৰ ১০০ মিটাৰ দৌৰ অতি আগ্ৰহৰ বিষয়। পেৰিছো ইয়াৰ ব্যতিক্ৰম নহয়। দিনটোৰ বাকী এথলেটিকছ প্ৰতিযোগিতা ইতিমধ্যে শেষ হৈ গৈছিল। এই ইভেন্টৰ পূৰ্বে ষ্টেডিয়ামৰ সকলো লাইট বন্ধ কৰি দিয়া হয়। ইয়াৰ পিছত প্ৰায় দুমিনিটমান লেজাৰৰ খেল চলি থাকিল। গোটেই ষ্টেডিয়ামখনেই ভৰি আছিল। অনুৰাগীবোৰ উত্তেজিত হৈ পৰিছিল।

ষ্টেডিয়ামৰ লাউডস্পীকাৰত নোৱাৰ নাম ঘোষণা হোৱাৰ লগে লগে তেওঁ ওলাই আহিল। দৰ্শকৰ ফালে চাই তেওঁ হাত দাঙি চিঞৰিবলৈ ধৰিলে। আচলতে তেওঁ নিজকে উত্তেজিত কৰি তুলিছিল। কাৰণ, এনে ইভেন্টত প্ৰতিযোগীৰ মানসিক অৱস্থাই পৰিৱৰ্তন আনিব পাৰে। কিছানেও একেই কাম কৰে।

ট্ৰেকত থিয় হৈ নোৱাই  জপিয়াই থাকিল। তেওঁৰ চকুত এক বেলেগ ধৰণৰ আত্মবিশ্বাস দেখা গৈছিল। প্ৰথম ৰাউণ্ড আৰু ছেমি ফাইনেলত তেওঁ আপ্লুত কৰিব পৰা নাছিল। কিন্তু ফাইনেলত তেওঁ আচল কামটো কৰি পেলালে।

Related News