NORTHEAST NOW (Assamese)

বাধা আঁতৰা নাই মোদীৰ; অসম ভ্ৰমণৰ দিনটোতে বন্ধৰ আহ্বান দল-সংগঠনৰ

January 31, 2020 12:08 pm · এন ই নাও নিউজ
প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী। ফাইল ফটো

তৃতীয়খন বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণৰ বিৰোধিতা কৰি ৭ ফেব্ৰুৱাৰিৰ দিনটোত অবড়ো সুৰক্ষা সমিতিয়ে বি টি এ ডি বন্ধ ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ বি টি এ ডিৰ ভ্ৰমণৰ দিনটোত অবড়ো সুৰক্ষা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব। এই কথা জনাইছে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশীয়ে।

ইফালে প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়ে বিজয় উৎসৱত অংশ লোৱাৰ বিৰোধিতাৰে ৭ ফেব্ৰুৱাৰিৰ দিনটো ক’লা দিন হিচাপে পালন কৰিব কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই।

আক্ৰাছু নেতৃত্বই জনোৱা অনুসৰি উক্ত দিনটোত সংগঠনটোৰ সদস্য সকলে ক’লা বেজ পৰিধান কৰাৰ লগতে ৰাজহুৱা স্থানত ক’লা পতাকা উৰুৱাব।

উল্লেখ্য যে ২৭ জানুৱাৰিত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বড়ো নেতৃত্বই স্বাক্ষৰ কৰা ঐতিহাসিক শান্তি চুক্তি উপলক্ষে ৭ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ অংশগ্ৰহণেৰে কাজলগাঁৱত আয়োজন কৰা হৈছে বিজয় উৎসৱ।

বি টি এ ডিৰ বিভিন্ন দল-সংগঠনে এই শান্তি চুক্তিক একপক্ষীয় বুলি অভিহিত কৰাৰ সময়তে আজি গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব সাংসদ নৱ শৰণীয়াই।

সাক্ষাৎকালত শৰণীয়াই বড়ো চুক্তিখনে অবড়োৰ অধিকাৰ খৰ্ব কৰিব বুলি অভিযোগ তুলি মন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিব।

উল্লেখ্য যে ‘কা’ বিৰোধী আন্দোলনৰ প্ৰতিবাদকাৰীৰ বাবে দুবাৰকৈ অসম ভ্ৰমণ বাতিল কৰিব লগীয়া হোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ অবড়ো সংগঠন সমূহৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব যে সেইটো খাতাং হৈ পৰিছে।

Related News