NORTHEAST NOW (Assamese)

২০-২১ নৱেম্বৰলৈ উত্তৰ-পূব শৈক্ষিক সন্মিলন অনুষ্ঠিত হ’ব; সংবাদমেল যোগে ঘোষণা শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৰ

November 17, 2021 2:25 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী
Updated: November 17, 2021 2:50 pm

বুধবাৰে খানাপাৰৰ ষ্টাফ কলেজত শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে সম্বোধন কৰা এক সংবাদমেলত ২০-২১ নৱেম্বৰলৈ উত্তৰ-পূব শৈক্ষিক সন্মিলন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে।

সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত থাকিব। নতুন শিক্ষানীতি সন্দৰ্ভত আলোচনা হ’ব সন্মিলনখনত। ২০২২ৰ পৰা ২০২৩ৰ ভিতৰত ৰূপায়ণ হ’ব নতুন শিক্ষানীতি। ২৭ নৱেম্বৰত নিযুক্তি দিয়া হ’ব নতুন মহাবিদ্যালয়সমূহৰ শিক্ষকসকলক।

অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু শংকৰদেৱ এডুকেশ্যন আৰু ৰিছাৰ্চ ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হ’ব এই সন্মিলন। ৰাজ্যৰ লগতে দেশৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ, উত্তৰ-পূবৰ শিক্ষামন্ত্ৰীসকল, উপাচাৰ্য, অধ্যক্ষ, প্ৰধান শিক্ষক, শিক্ষক, পৰিচালনা সমিতিৰ বিষয়-ববীয়াসকল দুদিনীয়া সন্মিলনত উপস্থিত থাকিব। সকলোৰে লগত পৃথকে পৃথকে আলোচনা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

‘GMCH Auditorioum’ত অনুষ্ঠিত হ’ব এই সন্মিলন। ইতিমধ্যে শিক্ষানীতি প্ৰযোজ্য হোৱা কৰ্ণাটক, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ আৰ্হি দেখুওৱা হ’ব।

়এই অনুষ্ঠানত উত্তৰ-পূবৰ সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰী উপস্থিত থাকিব। ৰাজ্যৰ সকলো কলেজৰ অধ্যক্ষ, সকলো অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ সৈতে আলোচনা হ’ব সন্মিলনত। নতুন শিক্ষানীতি ৰূপায়ণ কৰাৰ কাম আৰম্ভ হৈছে বুলিও সংবাদমেলত জানিবলৈ দিয়ে।

Related News