NORTHEAST NOW (Assamese)

নৰ্থ-ইষ্ট নাওৰ ত্ৰিপুৰাৰ আগৰতলাস্থিত সাংবাদিক তন্ময় চক্ৰৱৰ্তীৰ মৃত্যু; শোকস্তব্ধ নৰ্থ-ইষ্ট নাও পৰিয়াল

April 25, 2021 10:12 pm · এন ই নাও নিউজ
Updated: April 25, 2021 10:20 pm
সদ্যপ্ৰয়াত সাংবাদিক তন্ময় চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ ত্ৰিপুৰাৰ আগৰতলাস্থিত সাংবাদিক তন্ময় চক্ৰৱৰ্তীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মাত্ৰ ৩৯ বছৰ বয়সত মৃত্যু হৈছে।

সাংবাদিকগৰাকীৰ দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল।

যোৱা ১৫ এপ্ৰিলত সাংবাদিক তন্ময়ক অসুস্থতাৰ বাবে হাপানিয়াস্থিত ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পিতালৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ পিছতে সাংবাদিকগৰাকীক দুবাৰকৈ কোভিড টেষ্ট কৰোৱা হৈছিল যদিও নিগেটিভ ৰিজাল্ট আহিছিল। কিন্তু যোৱা ১৭ এপ্ৰিলত পুনৰ কোভিড টেষ্ট কৰাৰ পিছত সাংবাদিক তন্ময় চক্ৰৱৰ্তী কোভিডত আক্ৰান্ত বুলি নিশ্চিত কৰা হৈছিল।

কোভিড পজিটিভ হোৱাৰ পিছতে সাংবাদিক তন্ময় চক্ৰৱৰ্তীক আগৰতলাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয় আৰু দুদিনমানৰ পিছত কোভিড টেষ্টৰ ফলাফল নিগেটিভ অহাত ৰিলিজ দিয়া হৈছিল।

কিন্তু ৰিজাল্ট নিভেটিভ আহিলেও কোভিডত আক্ৰান্ত হোৱাৰ পিছৰে পৰা তেওঁৰ স্বাস্থ্য পুনৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত এইবাৰ তন্ময়ক আইএলছ হস্পিতালত ভৰ্তি কৰোৱা হয় আৰু তাতে দেওবাৰে নিশা প্ৰায় ৮.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁ বৃদ্ধ পিতৃ-মাতৃ, পত্নী, পাঁচ বছৰীয়া কন্যাকে ধৰি বহুতো শুভাকাংশী, আত্মীয়, বন্ধুবৰ্গক এৰি থৈ গৈছে। ত্ৰিপুৰাৰ সাংবাদিকসকলৰ সৰ্ববৃহৎ মঞ্চ এচেম্বলী অৱ জাৰ্নালিষ্ট-এ তেওঁৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

উল্লেখ্য যে গণসংযোগ আৰু সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী তন্ময় চক্ৰৱৰ্তীৰ পিএইছডি গৱেষণা কৰ্ম প্ৰায় অন্তিম পৰ্যায়ত আছিল বুলি জানিব পৰা গৈছে।

সংবাদিক তন্ময় চক্ৰৱৰ্তীৰ মৃত্যুত নৰ্থইষ্ট নাও পৰিয়াল শোকস্তব্ধ হৈ পৰিছে।

নৰ্থ-ইষ্ট নাওৰ স্বত্বাধিকাৰ বিজয়ানন্দ চৌধুৰী আৰু সম্পাদক অৰ্ণিবাণ ৰায়ে সাংবাদিক তন্ময় চক্ৰৱৰ্তীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে সোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

নৰ্থ-ইষ্ট নাওৰ পৰিয়ালৰ সমূহ সদস্যও সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ সোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Related News