বেয়া খবৰ: ক’ৰ’ণাৰ ভেকচিন গ্ৰহণৰ পিছত মৃত্যু দুই স্বাস্থ্যকৰ্মীৰ, ক’ত?
কোভিডৰ ভেকচিনে ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্ববাসীৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে যদিও ভেকচিন গ্ৰহণৰ পিছত বহু ঠাইত বহু লোক অসুস্থ হৈ পৰাৰ লগতে একাধিক লোকৰ মৃত্যু ঘটাও দেখা গৈছে।
শেহতীয়াকৈ কোভিডৰ পৰীক্ষামূলক ভেকচিন গ্ৰহণ কৰাৰ পিছত আজি নৰ’ৱেত দুজনকৈ লোকৰ মৃত্যু ঘটে।
জানিব পৰা মতে স্বাস্থ্যকৰ্মী দুগৰাকীয়ে কেইদিন মানৰ পূৰ্বে ফাইজাৰৰ কোভিডৰ ভেকচিন গ্ৰহণ কৰিছিল আৰু ইয়াৰ পিছতে তেওঁলোকে বিভিন্ন শাৰীৰিক অসুবিধাত ভুগিবলৈ আৰম্ভ কৰে।
অৱশেষত আজি তেওঁলোক দুয়োৰে মৃত্যু ঘটে।
নৰ’ৱেৰ দৰেই কিছুদিন পূৰ্বে পৰ্তুগালতো ভেকচিন গ্ৰহণ কৰাৰ দুদিন পিছত এগৰাকী শিশুৰোগ বিশেষজ্ঞৰ মৃত্যু ঘটিছিল।
ফাইজাৰৰ ভেকচিনৰ এনে পাৰ্শ্ব প্ৰতিক্ৰিয়াই ভবাই তুলিছে বিশ্বৰ বিজ্ঞানীসকলক।
নৰ’ৱেৰ মেডিকেল এজেন্সীৰ সঞ্চালক ষ্টেইনাৰ মেডছেনে প্ৰকাশ কৰা মতে চৰকাৰে সমগ্ৰ বিষয়টো ফঁহিয়াই চাব।
স্বাস্থ্যকৰ্মী দুজনৰ ভেকচিন লৈ মৃত্যু ঘটিছে নে আন কোনো ৰোগত মৃত্যু ঘটিছে সেয়া পৰীক্ষা কৰি চোৱা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।
নৰ’ৱেৰ প্ৰধানমত্ৰী এৰনা ছোলবাৰ্গে দেশ খনত ক’ৰ’ণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বাৰ আৰু ৰেষ্টুৰেণ্টসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।