NORTHEAST NOW (Assamese)

হাস্পাতালত এ চি বিস্ফোৰণত পতি মৃত বুলি শুনি পত্নীয়ে দিলে প্ৰাণ; এতিয়া জীৱিত ওলাল স্বামী

January 6, 2024 10:57 am · এন ই নাও নিউজ, গুৱাহাটী

স্বামীৰ মৃত্যুৰ খবৰ পাই স্তম্ভিত পত্নীয়ে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হয়  ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত। কিন্তু চাৰিদিন পিছত চিকিৎসালয়ৰ ভেন্টিলেটৰত থকা এজন লোকে চেতনা পাই আত্মহত্যা কৰা মহিলাগৰাকীৰ স্বামী বুলি দাবী কৰে। এই ঘটনাই স্বাভাৱিকতে সকলোৰে চকু কপালত তোলে।

দৰাচলতে ২৯ ডিচেম্বৰৰ সন্ধিয়া জগন্নাথ ফ্ৰীজ এজেন্সীৰ দিলীপ সামন্ত্ৰে আন তিনিজন মেকানিক সীমাঞ্চল বিশ্বাল, শ্ৰীতম চাহু আৰু জ্যোতি ৰঞ্জন মল্লিকৰ সৈতে ভুৱনেশ্বৰৰ হাই-টেক মেডিকেল কলেজ এণ্ড হস্পিতালৰ চাদত ৰখা এচি কম্প্ৰেছাৰ মেৰামতি কৰি থকাৰ সময়তে কম্প্ৰেছাৰ  বিস্ফোৰণ ঘটিছিল।

বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দিলীপ আৰু তেওঁৰ সহযোগীসকলক চিকিৎসাৰ বাবে একেখন চিকিৎসালয়তে ভৰ্তি কৰোৱা হয়। পিছত ব্যক্তিগত চিকিৎসালয়খনৰ বিষয়াসকলে ৩০ ডিচেম্বৰত ঘোষণা কৰে যে চিকিৎসালয়খনত চিকিৎসাৰ সময়ত দিলীপৰ মৃত্যু ঘটিছে। এই খবৰত স্তম্ভিত হৈ দিলীপৰ পত্নী সৌম্যশ্ৰী জেনাই যোৱা ১ জানুৱাৰীত জাটানী আৰক্ষীৰ থানাৰ অন্তৰ্গত নুৱাগাঁও অঞ্চলৰ পিতৃ-মাতৃৰ ঘৰত আত্মহত্যা কৰে।

লগতে পঢ়কঃ ১১ বছৰ পিছত পেৰ’লত মুকলি হ’ল ভেলেণ্টাইন ডে’ত প্ৰেমিকাক হত্যা কৰা অলিম্পিয়ান অস্কাৰ পিষ্ট’ৰিয়াছ

দিলীপৰ শহুৰেক সদাশিৱ জেনাই জনোৱা মতে, যোৱা ৩০ ডিচেম্বৰত নিশা ৯.৩০ বজাত চিকিৎসকে দিলীপক মৃত ঘোষণা কৰিছিল। পিছত মৃতদেহটো আমাৰ হাতত গতাই দিয়া হ’ল। পিছদিনা ৰাতিপুৱা মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো আনি দাহ কৰা হয়। চিকিৎসালয়ৰ বিষয়াসকলে আমাক জনাইছিল যে মৃতদেহটো দিলীপৰ। সেয়ে তেওঁৰ পত্নীয়ে আত্মহত্যা কৰিলে। চিকিৎসালয়খনৰ গাফিলতি আৰু অকৰ্মণ্যতাৰ বাবে আন এজন নিৰীহ ব্যক্তিয়ে জীৱন হেৰুৱালে। ইয়াৰ বাবে কোন দায়ী, আৰু আমাক ন্যায় দিবলৈ সঠিক তদন্ত কৰা উচিত।

ইপিনে, দিলীপৰ মাতৃ অহল্যা সামন্ত্ৰে কয় যে যেতিয়াই ব্যক্তিগত চিকিৎসালয়খনলৈ গৈছিল তেতিয়াই পুত্ৰক চাবলৈ দিয়া হোৱা নাছিল। ব্যক্তিগত চিকিৎসালয়খনৰ চিইঅ’ স্মিতা পাধিয়ে সংবাদ মাধ্যমৰ আগত কয় যে আহত মেকানিকসকলক চিনি পোৱা পায়াল ৰেফ্ৰিজাৰেচনৰ বাদল সাহুৱে তেওঁলোকক উদ্ধাৰ কৰি জৰুৰীকালীন ৱাৰ্ডলৈ নমাই আনিছিল। ইয়াৰ পিছত সাহুৰ জৰিয়তে আহত লোককেইজনক চিনাক্ত কৰা হয়। পিছত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা আৰম্ভ কৰা হয়। আহতসকলৰ আত্মীয়ইও তেওঁলোকক চিনাক্ত কৰে।

দুৰ্ভাগ্যবশতঃ পূৰ্বতে দিলীপ সামন্ত্ৰ নামেৰে চিনাক্ত হোৱা ৰোগীগৰাকীয়ে যোৱা ৩০ ডিচেম্বৰত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয় বুলি চিকিৎসালয়ৰ চিইঅ’গৰাকীয়ে জানিবলৈ দিয়ে। ৩ জানুৱাৰীত শ্ৰীতম নামৰ আন এজন ৰোগীৰো মৃত্যু হয়। তেওঁৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়াত কোনো অসুবিধা হোৱা নাছিল।

তেওঁ আৰু কয় যে আমাৰ চিকিৎসালয়ত আৰু দুজন ৰোগী চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে এজনক জ্যোতিৰঞ্জন মল্লিক বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল। মল্লিকৰ সংগী, আন দুজন মানুহ আৰু পিতৃ আৰু ভাতৃয়ে নিতৌ তেওঁৰ ওচৰলৈ আহিছিল।

লগতে পঢ়কঃ বাংলাদেশত চলন্ত ৰে’লত অগ্নিকাণ্ডৰ ঘটনা; ৫ জনৰ মৃত্যু, বহু হতাহতৰ আশংকা

বৃহস্পতিবাৰে পুৱা যেতিয়া ৰোগীজনৰ অৱস্থা উন্নত হয়, তেতিয়া তেওঁক ভেণ্টিলেটৰৰ পৰা উলিয়াই আনি চিকিৎসা আৰম্ভ কৰা হয়। সন্ধিয়া ডাক্তৰে তেওঁৰ নাম সোধাত ৰোগীজনে তেওঁৰ নাম দিলীপ সামন্ত্র বুলি কয়। চিকিৎসকে লগে লগে মনোৰোগ বিশেষজ্ঞ অমৃত পট্টোযোশীক খবৰ দিয়ে আৰু তেওঁ পৰিয়ালৰ লোকৰ উপস্থিতিত তেওঁক পৰীক্ষা কৰে। ব্যক্তিজনে দিলীপৰ পৰিয়াল আৰু শহুৰেক সন্দৰ্ভত সোধা সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিলে।

চিকিৎসালয়ৰ বিষয়াসকলে জনোৱা মতে, প্ৰয়োজন হ’লে মৃতকৰ পৰিচয় জানিবলৈ ডি এন এ পৰীক্ষা কৰা হ’ব। ভুল পৰিচয়ৰ বাবে পৰিয়ালটোক জগৰীয়া কৰিছে চিকিৎসালয় প্ৰশাসনে। আনহাতে, মৃত জ্যোতিৰঞ্জন মল্লিকৰ পিতৃ জ্যোতিৰঞ্জন মল্লিকে কয় যে পুত্ৰৰ মুখত আঘাতৰ চিন থকাৰ বাবে আৰু বেণ্ডেজেৰে মেৰিয়াই ৰখাৰ বাবে পুত্ৰক চিনাক্ত কৰিব পৰা নাছিল।

ইপিনে, জ্যোতি ৰঞ্জন মল্লিকৰ মৃতদেহ ঘূৰাই দিয়াৰ দাবীত চিকিৎসালয়ৰ সন্মুখত ধৰ্মঘটত বহিছে পৰিয়ালৰ লোকে। কংগ্ৰেছ নেতা নিশিকান্ত মিশ্ৰই এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায়। মিশ্ৰই কয় যে হাই টেক চিকিৎসালয়ৰ বিষয়া আৰু আৰক্ষীৰ জ্ঞাতসাৰে এজন জীৱিত ব্যক্তিক কেনেকৈ মৃত ঘোষণা আৰু দাহ কৰা হ’ল সেই সম্পৰ্কে আমাক উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন।

লগতে পঢ়কঃ ১৭ জানুৱাৰীত অসমত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’

আনহাতে, বৰ্তমান দিলীপ নামেৰে চিনাক্ত হোৱা লোকজনৰ অৱস্থা সংকটজনক আৰু পৰিয়ালৰ লোকে দাবী কৰে যে প্ৰতিবাদ দমন কৰিবলৈ চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীৰ সৈতে গোপন বুজাবুজি কৰি তেওঁক হত্যা কৰিব পাৰে বুলি আমি আশংকা কৰিছো। 

Related News