NORTHEAST NOW (Assamese)

তিতাবৰত বিষাক্ত কাঠফুলা খাই এগৰাকীৰ মৃত্যু, আনজনক GMCHলৈ

May 6, 2020 9:30 pm · স্মিতা ভট্টাচাৰ্য্য
কাঠফুলা। প্ৰতীকী ছবি।

যোৰহাটৰ তিতাবৰত বিষাক্ত কাঠফুলা খাই বুধবাৰে এগৰাকীৰ মৃত্যু ঘটাৰ লগতে আন এজনৰ অৱস্থা সংকটজনক।

 

বিষাক্ত কাঠফুলা খাই মৃত্যু হৈছে তিতাবৰ চৰিয়াপথাৰ মিচিং গাঁৱৰ ২৪ বছৰীয়া কিৰণ পালাঙৰ।

কিৰণে দুদিন পূৰ্বে বিষাক্ত কাঠফুলা ভক্ষণ কৰিছিল। আৰু আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে।

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চাৰ্জন ডঃ নীলোৎপল ভট্টাচাৰ্য্যই জনোৱা মতে কিৰণ আৰু পৰিয়ালৰ সদস্যই জনোৱা মতে তেওঁলোকে কাঠফুলা খাইছিল।

ভট্টাচাৰ্য্যই কয় যে বিষাক্ত কাঠফুলা ভক্ষণৰ বাবেই তেওঁৰ মৃত্যু হয়।

আনহাতে সংকটজনক অৱস্থাত থকা কিৰণৰ দেউতাকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

“একে কাৰণতে গুৰুতৰ অৱস্থাত থকা মৃতকৰ দেউতাক মহিপাল পালাঙ (৬৭)ক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে,” ডঃ ভট্টাচাৰ্য্যই কয়।

শেহতীয়াকৈ বনৰীয়া বিষাক্ত কাঠফুলা খাই চৰাইদেউ জিলাতো একেটা পৰিয়ালৰ তিনিগৰাকী লোক মৃত্যুমুখত পৰিছিল।

Related News