NORTHEAST NOW (Assamese)

অসমত আৰু এজন ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ২৮লৈ বৃদ্ধি

April 7, 2020 9:20 pm · এন ই নাও নিউজ
Updated: April 7, 2020 10:07 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

অসমত মঙলবাৰে আৰু এজন ক’ভিড১৯ পজিটিভ ব্যক্তি চিনাক্ত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰিছে।

হাইলাকান্দিৰ উক্ত লোকজনে শেহতীয়াকৈ ছৌদি আৰৱ ভ্ৰমণ কৰি আহিছিল।

এইজন ব্যক্তিক ধৰি অসমত ক’ভিড১৯ আক্ৰান্তৰ সংখ্যা মুঠ ২৮জনলৈ বৃদ্ধি পালে।

ইয়াৰ পূৰ্বে অসমত চিনাক্ত হোৱা ২৭ গৰাকী ক’ভিড-১৯ আক্ৰান্তৰ ২৬ গৰাকীৰেই দিল্লীৰ নিজামুদ্দিনৰ জামাতৰ সৈতে সম্পৰ্ক আছিল।

Related News