NORTHEAST NOW (Assamese)

লেখাপানীৰ টিৰাপ নৈত গা ধুবলৈ গৈ এজন লোক সন্ধানহীন; বুঢ়ীদিহিং নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

September 6, 2021 7:44 am · মানস প্রতীম গগৈ
ফটো: নৰ্থইষ্ট নাও।

মাৰ্ঘেৰিটা সমষ্টিৰ দুখন নৈত দুটাকৈ পৃথক স্থানত দুজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰথমে মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীৰ তিনিসুঁতি গাওঁৰ ৰাজু খাৰিয়া(৪৫)নামৰ ব্যক্তিজন টিৰাপ নৈত দেওবাৰে সন্ধিয়া গা ধুবলৈ গৈ সন্ধানহীন হয়। স্থানীয় ৰাইজে ইতিমধ্যেই লোকজনৰ মৃত্যু হোৱা বুলি ঠাৱৰ কৰিছে।

লেখাপানী আৰক্ষী বাহিনী আৰু এছ, ডি, আৰ, এফৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে যদিও মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

অন্যহাতে, দ্বিতীয়টো ঘটনাত দেওবাৰে বিয়লি মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়।

মাৰ্ঘেৰিটা চেগুনবাৰী চাহ বাগিচাৰ পাছফালে দি বৈ যোৱা বুঢ়ীদিহিং নৈৰ পানীত উপঙি থকা অৱস্থাত এজন অচিনাক্ত পুৰুষৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি মাৰ্ঘেৰিটা আৰাক্ষীক খবৰ দিয়ে।

আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মাৰ্ঘেৰিটা আৰক্ষী থানাৰ মৃতদেহ ৰখা গৃহত ৰাখিছে।

এতিয়ালৈ গেঞ্জি আৰু লং পেন্ট পৰিহিত পুৰুষৰ মৃতদেহটো চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী তথা স্থানীয় ৰাইজ। সমগ্ৰ ঘটনাৰ ইতিমধ্যে মাৰ্ঘেৰিটা আৰাক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related News