NORTHEAST NOW (Assamese)

অসমত আৰু এগৰাকী ক’ভিড-১৯ পজিটিভ চিনাক্ত

May 6, 2020 11:06 pm · কল্পজ্যোতি শইকীয়া
Updated: May 6, 2020 11:11 pm
প্ৰতিনিধিত্বমূলক ছবি

আৰু এজন লোক অসমত বুধবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

আক্ৰান্ত ব্যক্তিজন কাছাৰ জিলাৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা সদৰী কৰিছে।

ইয়াৰ ফলত অসমত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা মুঠ ৪৫গৰাকীলৈ বৃদ্ধি পালে।

তাৰে এজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটাৰ বিপৰীতে ৩৪ গৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে।

বৰ্তমান অসমত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা ১০গৰাকী আৰু তেওঁলোক চিকিৎসাধীন অৱস্থাত আছে।

Related News