NORTHEAST NOW (Assamese)

ক্ৰমে হেৰুৱাইছে স্থিতি! আৰাকান আৰ্মিৰ ওচৰত আত্মসমৰ্পণ কৰিলে শতাধিক জুন্টা সেনাই

January 16, 2024 8:24 pm · এন ই নাও নিউজ, গুৱাহাটী
ফাইল ফটোঃ সংগ্ৰহীত।

ম্যানমাৰৰ এজন শীৰ্ষ সেনাধ্যক্ষকে ধৰি শতাধিক জুন্টা সেনাই দেশখনৰ বিদ্ৰোহী গোট আৰাকান আৰ্মিৰ ওচৰত আত্মসমৰ্পণ কৰিছে।

ৰাথেডং চহৰৰ পাহাৰত অৱস্থিত কৌশলগত সেনা ঘাটিৰ পৰাও জুন্টা সৈন্যই পলায়ন কৰে। আৰাকান আৰ্মিৰ সদস্যই ঘাটি ঘেৰাও কৰাৰ সময়ত ম্যানমাৰৰ সেনাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।

স্থানীয় এজন বাসিন্দাৰ মতে, ম্যানমাৰৰ জুন্টা চৰকাৰে পাহাৰীয়া চেকপইণ্টত আৱদ্ধ হৈ থকা জোৱানক উদ্ধাৰৰ বাবে দুখন নাও প্ৰেৰণ কৰে। কিন্তু আৰাকান আৰ্মিয়ে সেই নাওখনক আক্ৰমণ কৰে। ফলত অসহায় জোৱানসকলে আত্মসমৰ্পণ কৰে।

লগতে পঢ়কঃ এইটো দশম, কুনো অভয়াৰণ্যত আন এটি চিতা বাঘৰ মৃত্যু; স্পষ্ট হোৱা নাই ‘শৌৰ্য’ৰ মৃত্যুৰ কাৰণ

উত্তৰ মাউংডুৰ খামুং ছেইক গাঁৱত আৰাকান আৰ্মিৰ সৈতে হোৱা সংঘৰ্ষত ২০জনৰো অধিক জুন্টা সেনা জোৱান নিহত হয়।

ইপিনে, আৰাকান আৰ্মিয়ে ভাৰত সীমান্তৰ পালেতোয়া চহৰৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিছে। গোটটোৱে কয় যে তেওঁলোকে পশ্চিম ম্যানমাৰৰ চিন ৰাজ্যৰ এখন গুৰুত্বপূৰ্ণ চহৰ পালেতোয়াক সামৰিক বাহিনীৰ পৰা দখল কৰিছে। এই চহৰখন হৈছে ম্যানমাৰৰ পৰা ভাৰতলৈ যোৱা মূল পথ। 

Related News