• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইটো দশম, কুনো অভয়াৰণ্যত আন এটি চিতা বাঘৰ মৃত্যু; স্পষ্ট হোৱা নাই ‘শৌৰ্য’ৰ মৃত্যুৰ কাৰণ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 16, 2024 7:01 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইদিনমানৰ বিৰতি। কিন্তু বিপদ নাতৰিল। মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ মৃত্যু ঘটিছে আন এটা চিতাৰ। ইয়াৰ লগে লগে কুনোত এতিয়ালৈকে ১০টা চিতা মৃত্যুমুখত পৰিল। মঙলবাৰে মৃত্যু হোৱা চিতাটোও নামিবিয়াৰ পৰা ইয়ালৈ অনা হৈছিল। ইয়াৰ নাম ৰখা হৈছিল শৌৰ্য।

কুনোৰ এই দশম চিতাৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। কুনো ৰাষ্ট্ৰীয় উদ্যানৰ মতে চিতাটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক অতিৰিক্ত মুখ্য বন সংৰক্ষকে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, ‘আজি ১৬ জানুৱাৰীত বিয়লি ৩.১৭ বজাত নামিবিয়াৰ পৰা অনা শৌৰ্য নামৰ চিতাটোৰ মৃত্যু হয়। ৰাতিপুৱা ১১ বজাৰ ভিতৰত চিতাটোৰ আচৰণ অস্বাভাৱিক হৈ পৰিছিল, ইয়াৰ গতিবিধি দেখি সন্দেহ উপজিছিল। প্ৰথমে চিতাটোক শান্ত কৰা হয়, তাৰ পিছত পৰীক্ষা কৰি অত্যন্ত দুৰ্বল হোৱা দেখা যায়’।

Apply Now

লগতে পঢ়কঃ বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ বিতৰ্কিত অংশ খোলাৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে!

ইয়াৰ পিছত চিতাটোক বচাবলৈ চেষ্টা কৰা হৈছিল যদিও জটিলতা বৃদ্ধি পোৱাৰ লগে লগে চিপিআৰ দিও কাম নহ’ল। বিবৃতি অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব।

ইয়াৰ লগে লগে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় অৰণ্যত ৭টা প্ৰাপ্তবয়স্ক আৰু তিনিটা পোৱালিকে ধৰি ১০টা চিতাৰ মৃত্যু হয়। কেইবাটাও ক্ষেত্ৰত চিতাৰ মৃত্যুত সংক্ৰমণৰ প্ৰশ্ন উঠিছে। ব্যৱস্থাপনাৰ ক্ষেত্ৰতো প্ৰশ্ন উত্থাপন হৈছে।

যোৱা বছৰৰ ২ আগষ্টত শেষবাৰ নৱমটো চিতাৰ মৃত্যু হৈছিল। বাৰে বাৰে চিতাৰ মৃত্যুৰ বিষয়টো সংসদতো উঠিছিল। তাত সংক্ৰমণৰ তত্ত্ব উপস্থাপন কৰা হৈছিল। সংসদত জনোৱা হৈছিল যে বাৰিষাৰ সময়ত পোক-পৰুৱাৰ দ্বাৰা আক্ৰান্ত হৈ শেষৰ দুটা চিতাৰ মৃত্যু হৈছিল। ইয়াৰ পিছত কেইমাহমানৰ বিৰতি আছিল। এইবাৰ আন এটা চিতাৰ মৃত্যু ঘটিল।

একেৰাহে চিতাৰ মৃত্যুৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰো প্ৰশ্নৰ আওতালৈ আহিছে। যদিও বিদেশৰ পৰা অতি ধুমধামেৰে চিতা আমদানি কৰা হৈছিল, তথাপিও ইয়াৰ পৰিচালনাৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃ গুৰুদ্বাৰৰ ‘পৱিত্ৰতা’ নষ্ট কৰাৰ অভিযোগত পঞ্জাৱত হত্যা যুৱকক! অভিযুক্ত নিহাং শিখ

আনকি বিশেষজ্ঞসকলেও বহিঃৰাষ্ট্ৰৰ পৰাও এই বিষয়ে লিখিছে। তেওঁলোকে অভিযোগ কৰে যে কুনো ৰাষ্ট্ৰীয় উদ্যানত বিশেষজ্ঞ চিকিৎসক নাই আৰু যিসকল আছে তেওঁলোকৰ কথাও নুশুনে। কেৱল সেয়াই নহয়, পশু বিশেষজ্ঞসকলে নিম্নমানৰ ৰেডিঅ’ কলাৰ ব্যৱহাৰ আৰু অপব্যৱস্থাপনাৰ বাবে দোষাৰোপ কৰিছে। কিন্তু চৰকাৰে সেয়া মানি ল’বলৈ অনিচ্ছুক। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd