NORTHEAST NOW (Assamese)

ইমৰান খানৰ লং মাৰ্চৰ গাড়ীৰ চকাত পিষ্ট হৈ মৃত্যু সাক্ষাৎকাৰ ল’বলৈ যোৱা মহিলা সাংবাদিকৰ

October 31, 2022 11:33 am · এন ই নাও নিউজ, গুৱাহাটী
সাদাফ নাইম।

Pak woman journalist Sadaf Naeem crushed to death পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ শোভাযাত্ৰাৰ গাড়ীত উঠিবলৈ গৈ চকাত পিষ্ট হৈ নিহত হৈছে এগৰাকী মহিলা সাংবাদিকক। তেওঁৰ নাম সাদাফ নাইম। ঘটনাটো দেওবাৰে পাকিস্তানৰ লাহোৰত সংঘটিত হয়।

জানিব পৰা গৈছে যে মহিলা সাংবাদিকগৰাকীয়ে ইমৰান খানৰ ৰাজহুৱা সভাত উপস্থিত আছিল। তেওঁক ইমৰান খানৰ সাক্ষাৎকাৰ ল’বলৈ চেষ্টা কৰা দেখা গৈছিল।

লগতে পঢ়ক: ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী বাওঁপন্থী নেতা লুইজ ইনাচিও লুলা

পিছত একেটা শোভাযাত্ৰাৰ এখন মালবাহী গাড়ীত উঠাৰ সময়ত তেওঁ পিছলি পৰে আৰু চকাৰ তলত সোমাই যায়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ চকাৰ দ্বাৰা পিষ্ট হৈ মৃত্যুমুখত পৰিছে। সাংবাদিকগৰাকীৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ লগে লগে ইমৰান খানে সেই দিনটোৰ বাবে তেওঁৰ লং মাৰ্চ স্থগিত ৰাখে।

লগতে পঢ়ক: World’s longest passenger train: ১০০ টা ডবাৰে চলিল প্ৰায় ২ কিলোমিটাৰ দীঘল বিশ্বৰ দৈৰ্ঘ্যতম যাত্ৰীবাহী ৰে’লখন!

সাদাফ নাইম পাকিস্তানৰ ব্যক্তিগত দূৰদৰ্শন চেনেল ‘চেনেল ৫’ৰ এগৰাকী সাংবাদিক। দুৰ্ঘটনাটোৰ কাৰণ বিচাৰি তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে।

শোভাযাত্ৰাটো লাহোৰৰ জিটি ৰোডত আয়োজন কৰা হৈছিল। ইমৰানে কয় যে শোভাযাত্ৰাটো কামোকলৈ যোৱাৰ কথা আছিল। কিন্তু এই দুৰ্ঘটনাৰ বাবে এই কাৰ্যসূচীটো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

Related News