NORTHEAST NOW (Assamese)

ইংলেণ্ডত তৃতীয় তাৰকা যুক্ত হোটেলত বাহৰ পাতিছে পাকিস্তান ক্ৰিকেট দলে; ছ’চিয়েল মিডিয়াত ট্ৰ’ল

July 17, 2020 4:10 pm · এন ই নাও নিউজ
Updated: July 17, 2020 4:11 pm
পাকিস্তানী ক্ৰিকেটাৰ তিনিগৰাকী

ক’ৰ’নাৰ সংক্ৰমণৰ সময়তে ইংলেণ্ডৰ সৈতে ক্ৰিকেট শৃংখলাত অংশগ্ৰহণৰ বাবে ইংলেণ্ডত উপস্থিত হোৱা পাকিস্তান ক্ৰিকেট দলটোৱে ‘তৃতীয় তাৰকা যুক্ত হোটেলত’ বাহৰ পাতিছে।

তৃতীয় তাৰকা যুক্ত হোটেলত বাহৰ পতা পাকিস্তান ক্ৰিকেট দলটোৰ সদস্য সকলে মাটিত বহি আহাৰ গ্ৰহণ কৰাৰ আলোকচ্চিত্ৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পাছত ট্ৰ’লৰ সন্মুখিন হৈছে।

বিভিন্ন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে পাকিস্তান ক্ৰিকেট বোৰ্ডক সমালোচনা কৰি বিশ্বৰ ভিতৰত ধনী ক্ৰিকেট বোৰ্ড পাকিস্তান বুলি ট্ৰ’ল দিয়ে।

ইয়াৰ পূৰ্বেও পাকিস্তান  ক্ৰিকেট দলটো ইংলেণ্ডলৈ বুলি ৰাওনা হোৱাৰ সময়ত পাকিস্তান ক্ৰিকেট বোৰ্ডে সেই ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰি ভুলকৈ পাকিস্তান শব্দটো লিখিছিল। পি চি বিয়ে পাকিস্তান বানানটো লিখা বাবে নিজ দেশৰে ক্ৰিকেট অনুৰাগী সকলৰ পৰা তীব্ৰ আক্ৰমণৰ সন্মুখিন হ’বলগীয়াত পৰিছিল।

আনহাতে, ইংলেণ্ড  ভ্ৰমণৰ পূৰ্বে পাকিস্তানৰ ১১ গৰাকীকৈ ক্ৰিকেটাৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

বৰ্তমান সময়ত ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ইংলেণ্ডত টেষ্ট শৃংখলা চলি আছে।  ১৬ জুলাইৰ পৰা শৃংখলাৰ দ্বিতীয়খন টেষ্ট আৰম্ভ হৈছে।

Related News