NORTHEAST NOW (Assamese)

চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড, ধোঁৱাৰে আবৃত দুটাকৈ দবা, ভাইৰেল ভিডিঅ’

October 25, 2023 7:40 pm · নৰ্থ ইষ্ট নাও, ডেস্ক
Updated: October 25, 2023 7:45 pm

আন এক ৰেল ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বুধবাৰে আগ্ৰাত এখন ৰেলৰ দুটা ডবাত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে আন ডবালৈ জুই বিয়পি পৰাৰ পূৰ্বে ৰেলখন ৰখাই দিয়া হয়।

তাৰ পাছতে যাত্ৰীসকলক নিৰাপদে উলিয়াই অনা হয়। ভাৰতীয় ৰেলৱেৰ সূত্ৰ অনুসৰি এই ঘটনাত কোনো ধৰণৰ ক্ষতি হোৱা নাই। অৱশ্যে ৰেল কক্ষত ভয়ংকৰ অগ্নিকাণ্ডৰ ভিডিঅনেট জগতত বিয়পি পৰিছে।

প্ৰকাশ পোৱা মতে, বুধবাৰে বিয়লি প্ৰায় ৪:৪৫ বজাত ৰেলখনত অগ্নিকাণ্ড সংঘটিত হয়। পাঞ্জাৱৰ ফিৰোজপুৰৰ পৰা মধ্যপ্ৰদেশৰ ছিওনীলৈ ৰাওনা হোৱা পাটলকোট এক্সপ্ৰেছৰ ডবাটোৰ পৰা হঠাতে ধোঁৱা নিৰ্গত হয়।

 

 

ঘটনাৰ সময়ত ৰেলখন আগ্ৰা ষ্টেচনৰ সমীপতে আছিল। লগে লগে ৰেলখন ৰখাই যাত্ৰীক উদ্ধাৰৰ কাম আৰম্ভ হয়। ৰেলৱেৰ সূত্ৰই জনোৱা মতে, আটাইসকল যাত্ৰীকে নিৰাপদে উদ্ধাৰ কৰা হৈছে।

চলন্ত ৰেলখনত অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। যদিও দুৰ্ঘটনা সন্দৰ্ভত ৰেলৱেই এক বিবৃতি জাৰি কৰিছিল, তথাপিও অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই।

ৰেলৱেৰ এক বিবৃতিত কোৱা হৈছে যে জ্বলি যোৱা দবাবোৰ ৰেলৰ পৰা পৃথক কৰি ৰখা হৈছে। অৱশ্যে অগ্নিকাণ্ডত কোনো ধৰণৰ ক্ষতি হোৱা নাই।

Related News