NORTHEAST NOW (Assamese)

টীয়কত অৰুণোদয় আঁচনিৰ নামত বিজেপিৰ পালিনেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

September 9, 2020 12:22 pm · নিৰ্মলেন্দু পাঠক

প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ নামত সমগ্র ৰাজ্যতে বিজেপিৰ একাংশ নেতা, পালিনেতাই ব্যাপক অনিয়ম সংঘটিত কৰাৰ প্ৰতিক্ৰিয়াৰ ঢৌ মাৰ নৌযাওতেই পুনৰ অসম চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো অনুৰূপ কাৰ্য সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

লাখ লাখ টকা খৰচ কৰি সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰি, অসম বিধান সভাত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি সন্দৰ্ভত ৰাইজক বিস্তৃতভাৱে অৱগত কৰাৰ পাছতো গ্ৰাম্যাঞ্চলৰ বহু দৰিদ্ৰ ৰাইজৰ অজ্ঞতাৰ সুযোগ গ্ৰহণ কৰি একাংশ বিজেপিৰ পালিনেতাই এই আঁচনিৰ বাবে যোগ্যতাৰ মাপকাঠি নিজ খেয়াল খুচি অনুযায়ী প্ৰস্তুত কৰিছে।

যোৰহাট জিলাৰ টীয়কৰ পূব টীয়ক গাঁও পঞ্চায়তৰ অধীনস্থ কাৱৈমাৰী অঞ্চলত দাস উপাধিৰ এগৰাকী বিজেপিৰ পালিনেতাই অৰুণোদয় আঁচনিৰ নামত ৰমৰমীয়া বেহা আৰম্ভ কৰাৰ বিষয়ে অভিযোগ উঠিছে।

যিসময়ত অৰুণোদয় আঁচনিৰ বাবে নিৰ্ধাৰিত প্ৰ-পত্ৰ পঞ্চায়ত সমূহলৈ প্ৰেৰণেই কৰা হোৱা নাই সেই সময়ত এইগৰাকী পালিনেতাই হিতাধিকাৰী সকলক প্ৰ-পত্ৰ বিক্ৰী কৰি সেইসমূহ পূৰণ কৰি নিজে জমা লোৱাৰ অভিযোগ উত্থাপিত হৈছে।

পঞ্চায়তখনক সম্পূৰ্ণ ৰূপে অন্ধকাৰত ৰাখি বিজেপি পালিনেতা জনে অব্যাহত ৰখা এনে কাৰ্যৰ বিৰুদ্ধে তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে পঞ্চায়ত সদস্য ভেনিছ দাসে।

পঞ্চায়ত সমূহক অন্ধকাৰত ৰাখি বিজেপি নেতাই স্বজন তোষণেৰে অৰুনোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰিলে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাটো নিশ্চিত আৰু সেয়াই যদি হয় তেন্তে নিৰ্বাচনৰ প্ৰাকক্ষনত ভোটাৰক আকৃষ্ট কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা আঁচনিখনে শাসকীয় বিজেপি দলটোৰ প্ৰতি সাধাৰণ ৰাইজৰ বিৰাগ জন্মিব।

Related News