NORTHEAST NOW (Assamese)

সোমনাথ মন্দিৰৰ অধ্যক্ষ পদত মোৰাৰজী দেশাইৰ পিছত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী মোদী

January 19, 2021 5:29 pm · এন ই নাও নিউজ

দেশৰ প্ৰখ্যাত সোমনাথ মন্দিৰৰ অধ্যক্ষ পদত অধিস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

মোৰাৰজী দেশাইৰ পিছত সোমনাথ মন্দিৰৰ অধ্যক্ষ পদত উপবিষ্ট হোৱা দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হ’ল মোদী।

শেহতীয়াকৈ সোমনাথ মন্দিৰ পৰিচালনা সমিতিৰ ভাৰ্চুৱেল বৈঠকত মোদীক মন্দিৰি পৰিচালনা সমিতিৰ অধ্যক্ষ হিচাবে নিৰ্বাচিত কৰা হয়।

ইয়াৰ পূৰ্বে ২০০৪ চনৰ পৰা ২০২০ চনলৈ একেৰাহে সোমনাথ মন্দিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদত অধিস্থিত হৈ আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশুভাই পেটেল।

কিন্তু পেটেলৰ মৃত্যুৰ পিছত মন্দিৰ পৰিচালনা সমিতিৰ অধ্যক্ষৰ আসন খন খালী হৈ আছিল।

সোমনাথ মন্দিৰ পৰিচালনা সমিতিৰ আন সদস্য সকলৰ ভিতৰত আছে বিজেপি নেতা লাল কৃষ্ণ আদৱানী,কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ,গুজৰাটৰ পণ্ডিত জেডি পাৰমাৰ আদি ব্যক্তিসকল।

সোমনাথ মন্দিৰ পৰিচালনা সমিতি তথা ট্ৰাষ্টৰ অধ্যক্ষ হিচাবে মোদীক নিৰ্বাচিত কৰাত টুইট যোগে আনন্দ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

তেওঁ কয় যে মোদীৰ নেতৃত্বত সোমনাথ মন্দিৰ সুন্দৰ ভাবে পৰিচালিত হ’ব।

উল্লেখ্য দেশ-বিদেশৰ পৰা প্ৰতি বছৰে এই মন্দিৰলৈ বহু ভক্তৰ আগমণ ঘটি আহিছে।

Related News