NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে এছিয়াৰ সৰ্ববৃহৎ ৰেৱা সৌৰশক্তি প্ৰকল্প

July 10, 2020 1:26 pm · এন ই নাও নিউজ
Updated: July 10, 2020 2:34 pm

সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত ভাৰতে আজি আৰু এঢাপ আগুৱাই গ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুকলি কৰিলে এছিয়াৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প ৰেৱা সৌৰ শক্তি প্ৰকল্প।

প্ৰায় ১৫০০ হেক্টৰ ভূমিত স্থাপন কৰা এই সৌৰ শক্তি প্ৰকল্পত ৭০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব।

সৌৰ শক্তি প্ৰকল্পটো দেশৰ নামত উচৰ্গা কৰি মোদীয়ে কয় যে দেশে অপৰম্পৰাগত শক্তিৰ উৎপাদন তথা ব্যৱহাৰত ঈৰ্ষণীয় সফলতা অৰ্জন কৰিছে।

সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত আগৰণুৱা বিশ্বৰ পাঁচ খন শীৰ্ষ দেশৰ ভিতৰত ভাৰতো এখন হিচাবে পৰিগণিত হৈছে।

এছিয়াৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প ৰেৱা সৌৰ শক্তি প্ৰকল্পত আছে মুঠ ৩ টা ইউনিট। প্ৰতিটো ইউনিটৰ উৎপাদন ক্ষমতা হৈছে ২৫০ মেগাৱাট।

ৰেৱা আল্ট্ৰা মেগা ছ’লাৰ পাৱাৰ লিমিটেডে ছ’লাৰ এনাৰ্জী ক’ৰ্পৰেছন অৱ ইণ্ডিয়াৰ সৈতে লগ লাগি এই প্ৰকল্প সাজি উলিয়াইছে।

মধ্যপ্ৰদেশৰ উৰ্জা বিকাশ নিগম লিমিটেডেও এই ক্ষেত্ৰত সহায় কৰিছে। কেন্দ্ৰীয় চৰকাৰে এছিয়াৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প ৰেৱা সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ বাবে আগবঢ়াইছে ১৩৮ কোটি টকা।

Related News