NORTHEAST NOW (Assamese)

প্ৰধান মন্ত্ৰী মোদীয়ে মুকলি কৰিলে স্বামিত্ব যোজনা; ক’লে গাঁৱবাসীয়ে দিছে ‘দুই গজ দূৰত্বৰ’ বাৰ্তা

April 24, 2020 1:22 pm · এন ই নাও নিউজ
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

কৰ’না ভাইৰাছৰ আতংকৰ সময়ত চলি থকা লকডাউনৰ মাজতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজু গাঁও পঞ্চায়তৰ মুৰব্বীসকলক সম্বোধন কৰে।

পঞ্চায়তী ৰাজ দিৱস উপলক্ষে প্ৰধান মন্ত্ৰীয়ে নতুন ই-গ্ৰাম স্বৰাজ প’ৰ্টেল আৰু এপ’ৰো শুভাৰম্ভণি কৰে।

এই প’ৰ্টেলৰ জৰিয়তে গাঁৱবাসীৰ সমস্যা তথা তেওঁলোকৰ সৈতে জড়িত তথ্যসমূহ থুপতে পোৱা যাব।

ক’ৰনা সংকটে আমাক আত্মনিৰ্ভৰ হোৱাটো কিমান জৰুৰী তাৰ শিক্ষা দিলে।

নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ’না সংকটৰ মাজতে গাঁৱবাসীয়ে বিশ্বক ডাঙৰ বাৰ্তা দিছে। গাঁৱবাসীয়ে সামাজিক দূৰত্ব নহয়, বৰঞ্চ’দুই গজ দূৰত্ব’ৰ বাৰ্তা দিছে যিটোৱে আচৰিত কৰি তুলিছে।

প্ৰধান মন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰৰ বাৰামুলাৰ মহম্মদ ইকবাল নামৰ ব্যক্তি এজনৰ লগতে কৰ্ণাটকৰ এজন ব্যক্তিৰ লগতো পোনপটীয়াকৈ কথা পাতে। মোদীয়ে কয় যে আজিকালি তেওঁ গাঁৱৰ মুখীয়ালৰ পৰা আৰম্ভ কৰি দেশসমূহৰ মুৰব্বীলৈকে কথা পাতি আছে।

ইয়াৰ মাজতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কৰ’না মহামাৰীয়ে কাম কৰাৰ সকলো পদ্ধতি সলনি কৰি দিলে। এতিয়া আমি মুখামুখি হৈ কথা পাতিব পৰা নাই। পঞ্চায়তী ৰাজ দিৱল গাঁৱলৈকে স্বৰাজ কঢ়িয়াই অনাৰ এটা উপলক্ষ্য। কৰ’না সংকটৰ সময়ত ইয়াৰ গুৰুত্ব বৃদ্ধি পাইছে।

ভাষণত প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে আজি পৰিৱৰ্তিত পৰিস্থিতিয়ে আমাক আত্মনিৰ্ভৰ হ’বলৈ সোঁৱৰাই দিছে। ইয়াত গাঁও পঞ্চায়ৰ শক্তিশালী ভূমিকা আছে।

স্বামিত্ব যোজনাৰ পৰা কি কি লাভ হ’ব। সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে ৫-৬বছৰ পূৰ্বে দেশত মাত্ৰ ১০০ পঞ্চায়ত ব্ৰডবেণ্ডৰ দ্বাৰা সংযোগিত আছিল, কিন্তু আজি এক লাখতকৈয়ো অধিক পঞ্চায়তত এই সুবিধা উপলব্ধ হৈছে।

প্ৰধান মন্ত্ৰীয়ে কয় যে যিটো ৱেবছাইট আৰম্ভ কৰা হৈছে ইয়াৰ জৰিয়তে গাঁৱলৈকে তথ্য আৰু সাহায্য পোৱাত ক্ষিপ্ৰতা বাঢ়িব।

গাঁও পঞ্চায়তৰ মুৰব্বীসকলক প্ৰধান মন্ত্ৰীয়ে কয় যে এতিয়া গাঁৱৰ মেপিং ড্ৰোণৰ জৰিয়তে কৰা হ’ব আৰু বেংকৰ পৰা অনলাইন লোৱাৰ ক্ষেত্ৰতো সহায়ক হ’ব।

Related News