NORTHEAST NOW (Assamese)
অসম

তিনি সপ্তাহৰ বাবে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে বলপূৰ্বক ব্যৱস্থা গ্ৰহণত বাধা উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 24, 2020 2:23 pm
images-1.jpg2_-1

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে সাংবাদিক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে তিনি সপ্তাহৰ বাবে কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে।

মহাৰাষ্ট্ৰৰ পালঘৰৰ গণহত্যা সন্দৰ্ভত টিভি আলোচনাৰ সময়ত তেওঁ কৰা মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰুজু কৰা হৈছিল।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এম আৰ শ্বাহক লৈ গঠিত খণ্ড বিচাৰপীঠে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ দাখিল হোৱা কেন্দ্ৰ, মহাৰাষ্ট্ৰ, ছত্তীশগড, মধ্য প্ৰদেশ, ৰাজস্থান, তেলেংগানা আৰু জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চললৈ জাননী জাৰি কৰিছে।

আদালতে লগতে নাগপুৰৰ সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা গোচৰটোৰ বাহিৰে তেওঁৰ বিৰুদ্ধে তৰা বাকী সকলো এজাহাৰত স্থগিতাদেশ দিছে। নাগপুৰৰ এজাহাৰখন মুম্বাইলৈ বদলি কৰা হৈছে য’ত ইয়াৰ তদন্ত কৰা হ’ব।

খণ্ড বিচাৰপীঠখনে লগতে মুম্বাই আৰক্ষী আয়ুক্তক গোস্বামী আৰু ৰিপাব্লিক টিবিক সুৰক্ষা প্ৰদান কৰিবলৈকো নিৰ্দেশ দিয়ে।

গোস্বামীয়ে তেওঁৰ হিন্দী ভাষাৰ চেনেল ৰিপাব্লিক টিভিৰ প্ৰাইমটাইম শ্ব’ত যোৱা ২১ এপ্ৰিলত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে মানহানিকাৰক মন্তব্য কৰা তথা ঘৃণাৰ মন্তব্য কৰাৰ বাবে এজাহাৰসমূহ দাখিল কৰা হৈছে।

বৃহস্পতিবাৰে গোস্বামীয়ে এই এজাহাৰসমূহত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ পালঘাৰত দুগৰাকী হিন্দু সন্তক উন্মত্ত জনতাই মৰিয়াই মৰিয়াই হত্যা কৰিছিল আৰু এই সন্দৰ্ভত নিজৰ টেলিভিশ্যনত অৰ্ণৱ গোস্বামীয়ে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী নিমাত হৈ থকা বাবে সমালোচনা কৰিছিল।

মহাৰাষ্ট্ৰ পালঘৰ গণপ্ৰহাৰৰ ঘটনাৰ প্ৰসংগতে এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ সম্পাদক শেখৰ গুপ্তাৰ বিৰু্দ্ধে গুৰুতৰ অভিযোগ তুলি অৰ্ণৱ গোস্বামীয়ে গীল্ডৰ সদস্যপদ ত্যাগ কৰাৰ কথা সোমবাৰে ঘোষণা কৰিছিল।

ইপিনে, ছোনিয়া গান্ধীক কৰা কটু সমালোচনাৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মীসকলে গোস্বামীৰ বিৰুদ্ধে বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছিল।