NORTHEAST NOW (Assamese)
Popular Stories

‘প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিব ৫ পৰ্যায়ৰ ল’কডাউন!’ : এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় গৃহ দপ্তৰে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2020 7:44 pm
index.jpg34

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিব পাৰে ল’কডাউনৰ পঞ্চমটো পৰ্যায়!

এই সম্পৰ্কে ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছে।

ইণ্ডিয়া টু ডে’ৰ বাতৰিত কোৱা হৈছে অহা ১ জুনৰ পৰা দেশত পঞ্চম পৰ্যায়ৰ ল’কডাউন আৰম্ভ হ’ব পাৰে!

উল্লেখ্য যে, কোভিড১৯ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা ল’কডাউনৰ চতুৰ্থটো পৰ্যায় অহা ৩১ মে’ত অন্ত পৰাৰ কথা।

অহা ৩১ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ আঁনাতাৰ কাৰ্যসূচী ‘মন কী বাট’ত ল’কডাউনৰ পঞ্চমটো পৰ্যায় ঘোষণা কৰিব পাৰে বুলি প্ৰচাৰ চলিছে।

এক সূত্ৰৰ মতে প্ৰধানমন্ত্ৰী মোদীয়ে মন কী বাটৰ তেওঁৰ ভাষণত ল’কডাউনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব আৰু কিছু নতুন পদক্ষেপ ঘোষণা কৰিব।

বাতৰিত কোৱা হৈছে  যে, গৃহ মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে ল’কডাউন ৫ত মুখ্যতঃ দেশত মুঠ ক’ৰ’না আক্ৰান্তৰ ৭০ শতাংশ আক্ৰান্ত হোৱা ১১ খন চহৰৰ ওপৰত দৃষ্টি নিৱদ্ধ কৰিব প্ৰধানমন্ত্ৰীয়ে।

দিল্লী, মুম্বাই, বাংগালুৰু, পনে, থানে, ইন্দ’ৰ, চেন্নাই, আহমদাবাদ, জয়পুৰ, চুৰাট, কলকতা আৰু মুম্বাই আদি চহৰত জুনৰ ১ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া ল’কডাউন ৫ত বিশেষ গুৰুত্ব দিয়া হ’ব।

উল্লেখ্য যে, দেশৰ মুঠ আক্ৰান্তৰ ভিতৰত আটাইতকৈ বেছি আক্ৰান্ত অঞ্চলসমূহৰ শতকৰা হাৰ হৈছে ৬০ শতাংশতকৈও বেছি।

ইতিমধ্যে কেন্দ্ৰই দেশৰ মুঠ আক্ৰান্তৰ ৮০ শতাংশতৈ অধিক আক্ৰান্ত হোৱা ৩০ খন পৌৰ নিগম এলেকা চিনাক্তকৰণৰ বাবে প্ৰস্তুতি চলাইছে বুলিও কোৱা হৈছে।

ল’কডাউন ৫ত কেন্দ্ৰই ধৰ্মীয় অনুষ্ঠানসমূহ কিছু চৰ্তসাপেক্ষে পুনৰ খোলাৰ অনুমতি দিব পাৰে। অৱশ্যে উক্ত সময়ছোৱাত কোনো ধৰ্মীয় উৎসৱ পাৰ্ৱণ আয়োজন কৰিব নোৱাৰিব। ধৰ্মীয় গণসমাগমো কৰিব নোৱাৰিব।

ধৰ্মীয় স্থানতো সকলোৱে সামাজিক ব্যৱধান ৰক্ষা কৰাৰ লগতে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হ’ব।

কৰ্ণাটক চৰকাৰে ইতিমধ্যে কেন্দ্ৰ চৰকাৰক ১ জুনৰ ধৰ্মীয় স্থান পুনৰ খুলিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

ল’কডাউন ৪ চাৰিৰ পিছত চেলুন, জিম আদি খোলাৰো অনুমতি দিয়া হ’ব।

অৱশ্যে শিক্ষানুষ্ঠান(স্কুল আৰু কলেজ), শ্বপিং ম’ল আৰু  চিনেমা হল আদি অহা কিছুদিনলৈ বন্ধ থাকিব।

বিয়া আৰু অন্ত্যেষ্টিক্ৰিয়া আদি সামাজিক কামবোৰ সীমিত সংখ্যক অতিথিৰ উপস্থিতিত সমাপন কৰিব পাৰিব।

অৱশ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ প্ৰতিষ্ঠানত প্ৰচাৰিত এই বাতৰিক মিছা আৰু ভুৱা প্ৰচাৰ বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰিছে।

গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰৰ টুইটাৰ একাউন্টৰ এক টুইটত এই বাতৰিক অশুদ্ধ আৰু দায়িত্বহীন বুলি আখ্যা দিয়া হৈছে।