NORTHEAST NOW (Assamese)

লাডাখত উপস্থিত হৈ আঘাতপ্ৰাপ্ত সেনা বাহিনীৰ জোৱানৰ খবৰ ল’লে প্ৰধান মন্ত্ৰী মোদীয়ে

July 4, 2020 8:12 am · এন ই নাও নিউজ
লাডাখৰ সেনা বাহিনীৰ চিকিৎসালয়ত প্ৰধান মন্ত্ৰী

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে সেনা বাহিনীৰ জোৱান সকলৰ মনোবল বৃদ্ধিৰ বাবে লাডাখত উপস্থিত হয়।

লাডাখত উপস্থিত হোৱাৰ পাছত প্ৰধান মন্ত্ৰীয়ে গলৱান উপত্যকাত চীনা সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা ভাৰতীয় জোৱান সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে সেনা বাহিনীৰ হাস্পাতালত উপস্থিত হয়।

”আমাৰ দেশে কেতিয়াও বিশ্বৰ কোনো শক্তিৰ ওচৰত মুৰ তল কৰা নাই আৰু কেতিয়াও নকৰে, এয়া আমাৰ বীৰ জোৱান সকলৰ বাবে সম্ভৱ হৈছে,” আঘাতপ্ৰাপ্ত সৈনিক সকলক চিকিৎসালয়ত সাক্ষাৎ কৰি প্ৰধান মন্ত্ৰী মোদীয়ে এইদৰে কয়।

ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দেশৰ স্থল সেনা বাহিনী প্ৰধান নাৰাৱানেও লাডাখত উপস্থিত হৈ আঘাতপ্ৰাপ্ত সেনা বাহিনীৰ জোৱান সকলৰ স্বাস্থ্যৰ বুজ লৈছিল।

বিগত ১৫ জুনত গলৱান উপত্যকাত চীনা সেনাৰ পৰিকল্পিত আক্ৰমণত বিহাৰ ৰেজিমেণ্টৰ কামাণ্ডিং অফিচাৰকে ধৰি ২০ গৰাকী বীৰ ভাৰতীয় জোৱান চহিদ হৈছিল।

ভাৰতীয় সেনা জোৱানৰ প্ৰতি আক্ৰমণত বহু চীনা সৈন্যৰো মৃত্যু হৈছিল যদিও চীনে ৰাজহুৱাভাৱে সেই তথ্য দাঙি ধৰি নিজ দেশৰ সেনা বাহিনীৰ জোৱান সকলক সন্মান প্ৰদৰ্শনৰ বাবে সাহস গটাব পৰা নায়।

Related News