NORTHEAST NOW (Assamese)

“চকীদাৰ” ত্যাগ প্ৰধান মন্ত্ৰী মোদীৰ, একে পথ ল’বলৈ সকলোকে আহ্বান

May 23, 2019 7:43 pm · এন ই নাও নিউজ
Updated: May 23, 2019 8:03 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ছবি সৌজন্য-- narendramodi.in

বিজেপিয়ে লোকসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ আগবঢ়াৰ মুহূৰ্ততে টুইটাৰত নিজৰ নামৰ আগৰ পৰা “চকীদাৰ” অভিধা ত্যাগ কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

তেওঁৰ দৰেই অনুগামী সকলকো নিজৰ নামৰ আগৰ পৰা “চকীদাৰ” শব্দটো গুচাবলৈ মোদীয়ে আহ্বান জনাইছে। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে টুইটাৰত নামৰ আগৰ পৰা “চকীদাৰ” শব্দটো গুচাই পেলাইছে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই।

সমৰ্থকসকললৈ অভিধাটো ত্যাগৰ আহ্বান জনাই মোদীয়ে কয় যে চকীদাৰ উদ্যমটোক এতিয়া পৰৱৰ্তী স্তৰলৈ লৈ যোৱাৰ সময় আহিল।


“প্ৰত্যেক মুহূৰ্ততে এই উদ্যমটো সজীৱ ৰাখিব আৰু ভাৰতৰ প্ৰগতিৰ কাৰণে কাম কৰি যাব। মোৰ টুইটাৰ নামৰ পৰা চকীদাৰ শব্দটো গৈছে কিন্তু ই মোৰ জীৱনৰ অভিন্ন অংগ হৈ থাকিব,” সমৰ্থকৰ প্ৰতি মোদীৰ টুইট।

ভাৰতক বৰ্ণবাদ, সাম্প্ৰদায়িকতা, দুৰ্নীতি আৰু স্বজন-তোষণৰ অপশক্তিৰ পৰা ভাৰতক বচোৱাৰ ক্ষেত্ৰত চকীদাৰ এক শক্তিশালী প্ৰতীক হৈ থাকিব বুলি তেওঁ মন্তব্য কৰিছে।

ভোটগণনা চলি থকা দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মোদীয়ে তেওঁৰ নামৰ আগত “চকীদাৰ” শব্দটো লগাই লৈছিল।

প্ৰধান মন্ত্ৰীৰ পথ অনুসৰণ কৰি সমগ্ৰ দেশৰ বিজেপি সমৰ্থক তথা নেতা-মন্ত্ৰীসকলে নিজৰ টুইটাৰ নামৰ আগত শব্দটো ব্যৱহাৰ কৰিছিল।

Related News