NORTHEAST NOW (Assamese)

ছাত্ৰ-ছাত্ৰীৰ ‘মাৰ্ক শ্বীট’ অভিভাৱকৰ ‘প্ৰেষ্টিজ শ্বীট’ হ’ব নালাগে: প্ৰধানমন্ত্ৰী মোডী

September 11, 2020 7:05 pm · এন ই নাও নিউজ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নতুন শিক্ষা নীতি সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি কেইবাটাও মূল্যৱান কথা কয়।

মোডীয়ে কয় যে বহু অভিভাৱকৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰীৰ মাৰ্কশ্বীট প্ৰেষ্টিজ শ্বীট হৈ পৰিছে।

সেইবাবেই শিক্ষাৰ্থীৰ বাবে এতিয়া এখন ভাল নম্বৰৰ মাৰ্কশ্বীট আহৰণ কৰাটো মূল লক্ষ্য হৈ পৰিছে।

ফলত মাৰ্কশ্বীট হৈ পৰিছে বহু শিক্ষাৰ্থীৰ বাবে ‘প্ৰেছাৰ শ্বীট’ স্বৰূপ।

মোডীয়ে কেৱল পৰীক্ষাত পোৱা নম্বৰেই শিক্ষাৰ্থী এগৰাকীৰ সঠিক মূল্যায়ন নকৰে বুলি উল্লেখ কৰি কয় যে নতুন শিক্ষানীতিয়ে নম্বৰ সৰ্বস্ব ব্যৱস্থাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক মুক্ত কৰিব আৰু তেওঁলোকে আনন্দ মনেৰে শিক্ষা গ্ৰহণ কৰিব পাৰিব।

ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰমৰ বোজা নতুন শিক্ষানীতিয়ে হ্ৰাস কৰিব বুলি মন্তব্য কৰি মোডীয়ে কয় যে ইয়াৰ ফলত তেওঁলোক চাপমুক্ত হ’ব পাৰিব।

নতুন শিক্ষানীতিৰ অন্যান্য ইতিবাচক দিশৰ কথা উল্লেখ কৰি মোডীয়ে কয় যে এই শিক্ষানীতিয়ে শিক্ষাৰ্থীসকলক নিজৰ ভৰিত নিজে থিয় দিয়াৰ যোগ্য কৰি তুলিব।

ছাত্ৰ-ছাত্ৰীসকল আত্মবিশ্বাসী হৈ উঠিব আৰু প্ৰতিটো প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিব বুলি মোডীয়ে উল্লেখ কৰে।

তেওঁ নতুন শিক্ষানীতি সন্দৰ্ভত দেশৰ লাখ লাখ লোকে মতামত দিয়া বুলিও প্ৰকাশ কৰে।

Related News