NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত কোভিড পৰ্যালোচনা বৈঠক

January 9, 2022 8:14 pm · এন ই নাও নিউজ,গুৱাহাটী

দেশত এতিয়া আৰম্ভ হৈ গৈছে কোভিড়ৰ তৃতীয় ঢৌ।

দেশৰ ২১ খন ৰাজ্যত এতিয়া কোভিডে আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে।

ৰাজ্যই ৰাজ্যই কোভিডৰ অতি মাৰাকত্ম অমিক্ৰনক ৰোধ কৰিবলৈ বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

এনে বিষম পৰিস্থিতিৰ মাজতে আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত কৰে কোভিড পৰিস্থিতি সম্পৰ্কীয় এক পৰ্যালোচনা বৈঠক।

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত কোভিড-১৯ পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া, গৃহ সচিব অজয় কুমাৰ ভাল্লা, কেবিনেট সচিব ৰাজীৱ গৌবা আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে।

মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কোভিড পৰ্যালোচনা বৈঠকৰ পিছতে কাইলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে দেশৰ ৰাজ্য সমূহৰ স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতে কোভিড পৰিস্থিতি সম্পৰ্কীয় বৈঠকত মিলিত হ’ব।

উল্লেখ্য ভাৰতত আজিও কোভিড পৰিস্থিতি উদ্বেগ জনক হৈয়েই আছে। আজি ১,৫৯,৬৩২ গৰাকী লোক দেশত কোভিডত আক্ৰান্ত হৈছে। এই সংক্ৰমণৰ হাৰ বিগত ২২৪ দিনৰ ভিতৰত সৰ্বাধিক হিচাবে বিবেচিত হৈছে।

Related News