NORTHEAST NOW (Assamese)

আৰক্ষীয়ে সন্ধান পোৱা নাই শিলচৰৰ পৰা সন্ধানহীন হৈ থকা দুই যুৱতীৰ

April 27, 2019 7:42 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

বৰাক উপত্যকাৰ শিলচৰৰ পৰা সন্ধানহীন হৈ থকা দুগৰাকী যুৱতীৰ সন্ধান এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা আৰক্ষী প্ৰসাশন।

উল্লেখযোগ্য যে, বিগত ২৫ এপ্ৰিলৰ সন্ধ্যা ৭ মান বজাত শিলচৰৰ তাৰাপুৰত ঘৰৰ পৰা ওচৰতে থকা বজাৰলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ গৈছিল সানতা ৰায় আৰু অনামিকা সিং গীল নামৰ যুৱতী দুগৰাকী। কিন্তু ৮.৩০ মান বজালৈ যুৱতী দুগৰাকী উভতি নহাত পৰিয়ালৰ লোকৰ মাজত হুৱা-দূৱা লাগে।

পৰিয়ালৰ লোকে যুৱতী দুগৰাকীক বিচাৰি ওচৰে-পাজৰে অনুসন্ধান কৰে যদিও ক’তো যুৱতী দুগৰাকীৰ সম্ভেদ লাভ নকৰি হতাশ হৈ পৰে।

তদুপৰি, যুৱতী দুগৰাকীৰ লগত থকা মোবাইল ফোনো বন্ধ হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

আনহাতে, ঘটনা সন্দৰ্ভত সন্ধানহীন হৈ থকা যুৱতী দুগৰাকীৰ পৰিয়ালে শিলচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো আৰক্ষীয়ে যুৱতী দুগৰাকীৰ কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই।

স্থানীয় লোকে সন্দেহ কৰা মতে কোনো অসাধু চক্ৰই যুৱতী দুগৰাকীক অপহৰণ কৰিছে।পৰিয়ালৰ লোকসকলে আৰক্ষী প্ৰসাশনক অতি সোনকালে যুৱতী দুগৰাকীক উদ্ধাৰ কৰাৰ বাবে দাবী জনাইছে।

Related News