NORTHEAST NOW (Assamese)
অসম

শ্বোলে’ৰ ‘কালিয়া’ বিজু খোটেৰ দেহাৱসান; বলীউদত শোকৰ ছাঁ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2019 12:19 pm
coll_1024_1569820875_618x347bk

বলীউদৰ এগৰাকী বলিষ্ঠ অভিনতা বিজু খোটেৰ সোমবাৰে ৭৮ বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে। তেওঁ বহুদিন ধৰি বেমাৰত আক্ৰান্ত হৈ আছিল।

সোমবাৰে পুৱাই অভিনেতাগৰাকীয়ে মুম্বাইত থকা তেওঁৰ স্বগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত চলচ্চিত্ৰ জগতৰ এটি অনন্য তাৰকা চিৰদিনৰ বাবে নিৰ্বাপিত হ’ল।

বিজু খোটেৰ মৃত্যুৰ বাতৰিয়ে বলীউদত শোকৰ ছাঁ পেলাইছে। চলচ্চিত্ৰ জগতৰ লোকসকলৰ লগতে তেওঁৰ গুণমুগ্ধসকলেও প্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

উল্লেখ্য যে বিজু খোটেই সৰ্বকালৰ জনপ্ৰিয় ছবি ‘শ্বোলে’ত ‘কালিয়া’ৰ চৰিত্ৰত অভিনয় কৰিছিল।

kalia_sholay_1024_1569815324_618x347 gk
‘শ্বোলে’ত ‘গব্বৰ সিং’আমজান খানৰ সৈতে ‘কালিয়া’ বিজু খোটে।

বিজু খোটেৰ কালিয়া চৰিত্ৰটোৱে দৰ্শকৰ মনত এনেদৰে গভীৰ সাঁচ বহুৱাই থৈছে যে আজিও সকলোৱে তেওঁক কালিয়া চৰিত্ৰৰ বাবেহে জানে।

বিজু খোটেই ১৯৬৪ চনত চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল। তেওঁ অভিনয় জীৱনত কেইবাখনো মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল।

শ্বোলেৰ উপৰি আন্দাজ অপনা অপনা ছবিখনত কৰা অভিনয়ৰ বাবেও তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল।

বিজু খোটেৰ অন্তিমখন চলচ্চিত্ৰ আছিল ২০১৮’ত মুক্তি পোৱা ‘জানে কিউ দে য়াৰো থী’।

এগৰাকী জনপ্ৰিয় অভিনেতা বিজু খোটেই হিন্দী আৰু মাৰাঠীত প্ৰায় ৩০০খন চলচ্চিত্ৰত কাম কৰিছিল।