NORTHEAST NOW (Assamese)

পিপিই কিট পিন্ধি ভিক্ষাবৃত্তিত নামিল এগৰাকী মহিলা স্বাস্থ্যকৰ্মী, কিয় এনে কৰিলে তেওঁ?

February 15, 2021 3:50 pm · এন ই নাও নিউজ

পিপিই কিট পৰিধান কৰি ৰোগীৰ পৰিচৰ্যা কৰাৰ সলনি হাতত ভিক্ষাৰ পাত্ৰলৈ ৰাজপথত ভিক্ষা মাগিবলৈ আৰম্ভ কৰিলে এগৰাকী স্বাস্থ্যৰ্মীয়ে।

স্বাস্থ্যকৰ্মীগৰাকীৰ এনে কাণ্ডই এতিয়া হতভম্ব কৰি তুলিছে বহুতকে।

পিপিই কিট পিন্ধি ভিক্ষা মগা এইগৰাকী স্বাস্থ্যকৰ্মীৰ নাম অশ্বিনী পাড়ি। ওড়িশাৰ ভদ্ৰক জিলাৰ চৰম্পা নামৰ ঠাই খনৰ বাসিন্দা এইগৰাকী স্বাস্থ্যকৰ্মীয়ে সৌসিদিনালৈ নিজৰ জীৱন বিপন্ন কৰি হ’লেও ক’ৰ’ণা ৰোগীৰ পৰিচৰ্যা কৰিছিল।

কিন্তু দেশৰ আন ৰাজ্যৰ লগতে ওড়িশাতো ক’ৰ’ণাৰ সংহাৰ নিয়ন্ত্ৰণলৈ অহাৰ পিছতে ঘোৰ অমানিশা নামি আহিছে স্বাস্থ্যকৰ্মী অশ্বিনীৰ জীৱনলৈ।

ক’ৰ’ণা নিয়ন্ত্ৰণলৈ অহাৰ পিছতে ওড়িশাৰ চৰকাৰে ক’ৰ’ণাতংকৰ সময়ত নিয়োগ কৰা বহু স্বাস্থ্য কৰ্মীক কামৰ পৰা অব্যাহতি দিছে। ফলত কৰ্মহীন হৈ পৰিছে বহু স্বাস্থ্যকৰ্মী।

এনে পৰিস্থিতিত চৰকাৰৰ পদক্ষেপৰ  বিৰুদ্ধে প্ৰতিকী প্ৰতিবাদ সাৱস্ত্য কৰাৰ উদ্দেশ্যেই স্বাস্থ্যকৰ্মী অশ্বিনীয়ে পিপিই কিট পৰিধান কৰি হাতত ভিক্ষাৰ পাত্ৰ লৈ ৰাজপথত ভিক্ষা মাগিছে।

অশ্বিনী পাড়িৰ এনে অভিনৱ প্ৰতিবাদে এতিয়া দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। স্বাস্থ্যকৰ্মীগৰাকীয়ে পিপিই কিট পিন্ধি ভিক্ষা মগাৰ ছবি এতিয়া ভাইৰেল হৈ পৰাত শলঠেকত পৰিছে ওড়িশাৰ নবীন পাটনায়ক নেতৃত্বাধীন চৰকাৰ।

অশ্বিনীৰ প্ৰতিবাদক চৰকাৰে কিদৰে গ্ৰহণ কৰে সেয়া সময়ত স্পষ্ট হ’ব। ইপিনে ওড়িশা চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে ক’ৰ’ণাতংকৰ সময়ত বহু কৰ্মীক চুক্তি ভিত্তিত নিযুক্তি দিয়া হৈছিল।

চুক্তি শেষ হোৱাত বহু স্বাস্থ্যকৰ্মীক কামৰ পৰা অব্যাহতি দিয়া হৈছে। চৰকাৰৰ ৰাজকোষ টনকিয়াল হ’লে পুনৰ তেওঁলোক নিয়োগ কৰা হ’ব বুলি তেওঁ কয়।

Related News