NORTHEAST NOW (Assamese)

Loksabha Election 2024: কংগ্ৰেছ কৰ্মীসকলক ‘আতংকিত’ কৰি ৰাখিছে অসম আৰক্ষীয়ে; অভিযোগ প্ৰদ্যুত বৰদলৈৰ

April 26, 2024 10:19 am · এন ই নাও নিউজ, গুৱাহাটী

কংগ্ৰেছৰ এজন নেতাক ‘অবৈধভাৱে’ আটক কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে বিতৰ্কৰ মাজত সোমাই পৰিছে মৰিগাঁও জিলাৰ আৰক্ষী।

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসম কংগ্ৰেছৰ অনুসূচিত জাতি বিভাগৰ অধ্যক্ষ কৃষ্ণদাসক আৰক্ষীয়ে উঠাই নিয়াৰ অভিযোগ উঠিছে।

এই অভিযোগসমূহ শুকুৰবাৰে (২৬ এপ্ৰিল) নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা  কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা প্ৰদ্যুত বৰদলৈয়ে উত্থাপন কৰে।

বৃহস্পতিবাৰে (২৫ এপ্ৰিল) মাজনিশাৰ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱা এই ঘটনাই অসমৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লগতে পঢ়কঃ Loksabha Election 2024: আজি দ্বিতীয় পৰ্যায়ত দেশৰ ৮৮টা সমষ্টিত ভোটগ্ৰহণ; বহু তাৰকা প্ৰাৰ্থীৰ ‘অগ্নিপৰীক্ষা’

কংগ্ৰেছ দলৰ এগৰাকী বিশিষ্ট নেতা কৃষ্ণদাসক মৰিগাঁও জিলাৰ আৰক্ষীয়ে উঠাই নি জাগীৰোড থানাত আবদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে।

অসমৰ কংগ্ৰেছ দলে তেওঁলোকৰ কৰ্মীক আৰক্ষীয়ে লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰি নির্বাচনী প্রক্রিয়াত ব্যাঘাত জন্মাবলৈ আৰু গণতান্ত্ৰিক নীতি উলংঘা কৰাৰ প্রয়াস বুলি অভিহিত কৰি সৰৱ হৈ পৰিছে৷

“মৰিগাঁও আৰক্ষীয়ে আকৌ এই কাম কৰিছে! ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ কৰ্মীসকলক আতংকিত কৰি ৰাখিছে।’- এই মন্তব্য প্ৰদ্যুত বৰদলৈৰ।

তেওঁ লগতে কয়, “ৰাজ্য অনুসূচিত জাতি বিভাগৰ অধ্যক্ষ (অসম কংগ্ৰেছৰ) কৃষ্ণ দাসক মাজনিশা অবৈধভাৱে তুলি নি জাগীৰোড থানাত আবদ্ধ কৰি ৰখা হৈছে।”

Related News