• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Loksabha Election 2024: আজি দ্বিতীয় পৰ্যায়ত দেশৰ ৮৮টা সমষ্টিত ভোটগ্ৰহণ; বহু তাৰকা প্ৰাৰ্থীৰ ‘অগ্নিপৰীক্ষা’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 26, 2024 8:26 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অষ্টাদশ লোকসভাৰ সাতটা পৰ্যায়ৰ ভোটগ্ৰহণৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। দেশৰ ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৮৮টা সমষ্টিত আজি ভোটাৰসকলে ভোটদান কৰিব। এই তালিকাত অসমৰ নগাঁও, ডিফু, দৰং-ওদালগুৰি, শিলচৰ আৰু কৰিমগঞ্জও আছে।

দ্বিতীয় পৰ্যায়ত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি একাধিক তাৰকা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেবিনেটৰ কেইবাজনো সদস্যৰো ‘অগ্নিপৰীক্ষা’ হ’ব।

ৰাহুলে নিজৰ পুৰণি আসন কেৰালাৰ ৱায়নাদৰ পৰাও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তাত তেওঁৰ মূল যুঁজ বাওঁ মিত্ৰজোঁটৰ এল ডি এফৰ চি পি আই প্ৰাৰ্থী এনি ৰাজাৰ বিৰুদ্ধে। এনি চিপিআইৰ সাধাৰণ সম্পাদক ডি ৰাজাৰ পত্নী। বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনো আছে।

Apply Now

লগতে পঢ়কঃ Loksabha Election 2024: দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন; অসমৰ পাঁচখন আসনৰ বাবে ভোটদান আৰম্ভ

কেৰালাৰ পৰা কংগ্ৰেছৰ টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰ (তিৰুৱানন্তপুৰম) আৰু এআইচিচিৰ সাধাৰণ সম্পাদক (সংগঠন) কেচি ভেনুগোপাল (আলাপ্পুঝা)। চিপিএমৰ উল্লেখযোগ্য দুগৰাকী প্ৰাৰ্থী হৈছে প্ৰাক্তন মন্ত্ৰী কে কে চাইলাজা আৰু থমাছ আইজাক (পাথানামথিত্তা)।

চিপিএমৰ পলিটব্যুৰোৰ সদস্য এ বিজয়ৰাঘৱনও পলাক্কাড আসনৰ প্ৰাৰ্থী। কেৰালাৰ পৰা বিজেপিৰ দুই কেন্দ্ৰীয় মন্ত্ৰী — ৰাজীৱ চন্দ্ৰশেখৰ (তিৰুৱানন্তপুৰম) আৰু ভি মুৰলীধৰণ (আটীংগল)।

ৰাজস্থানৰ পুৰণি সমষ্টি যোধপুৰৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতাত নামিছে মোডী কেবিনেটৰ সদস্য গজেন্দ্ৰ সিং শ্বেখাৱত। বিদায়ী লোকসভাৰ অধ্যক্ষ ওম বিৰলা সেই ৰাজ্যৰ কোটাৰ পৰা বিজেপিৰ প্ৰাৰ্থী। আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট ৰ পুত্ৰ বৈভৱ (জালৌৰ) আৰু এসময়ৰ অসমৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ সাধাৰণ সম্পাদক চিপি যোশী ৰাজ্যখনত বিশিষ্ট কংগ্ৰেছ প্ৰাৰ্থী।

দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে দুই প্রাক্তন মুখ্যমন্ত্রী কর্ণাটকৰ এইচ ডি কুমাৰস্বামী (মন্দ্য) আৰু ছত্তীশগড়ৰ ভূপেশ বাঘেল (ৰাজনন্দগাওঁ) প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে৷ কুমাৰস্বামী জেডিএছ আৰু ভূপেশ বাঘেল কংগ্ৰেছৰ প্ৰাৰ্থী। উত্তৰ প্ৰদেশৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অভিনেতা হেমা মালিনী (মথুৰা) আৰু অৰুণ গোভিলে (মীৰুট)। হেমা মথুৰাৰ দুবাৰৰ সাংসদ। ৮০ৰ দশকৰ টিভি ধাৰাবাহিক ৰামায়ণত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামিছে।

লগতে পঢ়কঃ মহানগৰীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ প্ৰতিমূৰ্তি দাহ : চাকমা-হাজং শৰণাৰ্থীক অসমত সংস্থাপনৰ অভিসন্ধি প্ৰত্যাহাৰৰ দাবী

কৰ্ণাটকত শুকুৰবাৰে বিজেপিৰ যুৱ নেতা তেজস্বী সূৰ্য্য (বেংগালুৰু দক্ষিণ) আৰু উপ-মুখ্যমন্ত্ৰী তথা ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ ভাতৃ সুৰেশেও নিজৰ ভাগ্য পৰীক্ষাত অৱতীৰ্ণ হৈছে। ২০১৯ চনত কংগ্ৰেছ-এনচিপি মিত্ৰজোঁটৰ সমৰ্থনত মহাৰাষ্ট্ৰৰ অমৰাৱতী সমষ্টিত জয়ী হোৱা অভিনেত্ৰী নৱনীত কৌৰ ৰানা এইবাৰ সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী। কংগ্ৰেছ-এনচিপি (শৰদ)-শিৱসেনা (ইউবিটি)ৰে গঠিত বিৰোধী মিত্ৰজোঁটৰ আসনৰ ক্ষেত্ৰত একমত নোহোৱাত বি আৰ আম্বেদকাৰৰ নাতি তথা বঞ্চিত বহুজন আঘাৰিছৰ নেতা প্ৰকাশ আকোলাই কেন্দ্ৰত অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

বিহাৰ আৰজেডি-কংগ্ৰেছ-বাওঁপন্থী ‘মহাগঠবন্ধন’ৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা  প্ৰাক্তন বাহুবলী সাংসদ পাপ্পু যাদৱে নিৰ্দলীয় হিচাপে পূৰ্ণিয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এইবাৰ ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ পুত্ৰ প্ৰদ্যোৎ কিশোৰ দেৱবৰ্মনৰ দল টিপ্ৰা মাথাৰ সৈতে মিত্ৰতা কৰিছে বিজেপিয়ে। দ্বিতীয় পৰ্যায়ত ‘পদুম’ প্ৰতীকেৰে পূব ত্ৰিপুৰা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত নামিছে প্ৰদ্যোতৰ ভগ্নী কীৰ্তি সিং দেৱবৰ্মা।

কেৰালাৰ ২০টা লোকসভা সমষ্টিৰ আটাইকেইখনেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আছে। ইয়াৰ বাহিৰেও কৰ্ণাটকত ১৪টা লোকসভা সমষ্টি, ৰাজস্থানত ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮টাকৈ, বিহাৰ আৰু অসমৰ ৫টা লোকসভা সমষ্টি এই তালিকাত আছে। উত্তৰ-পূব অঞ্চল ত্ৰিপুৰা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ পৰাও এখনকৈ লোকসভা আসন আছে।

উত্তৰ-পূবৰ হিংসাজৰ্জৰ মণিপুৰৰ লোকসভা আসন আউটাৰ মণিপুৰক দুটা ভাগত বিভক্ত কৰাৰ সিদ্ধান্ত লৈছে নিৰ্বাচন আয়োগে। ১৯ এপ্ৰিলত সেই লোকসভা সমষ্টিৰ এটা অংশত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। বাকী আজি অনুষ্ঠিত হৈছে। দ্বিতীয় পৰ্যায়ত মধ্যপ্ৰদেশৰ ৮টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিএছপি প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ বাবে তাত থকা বেতুল সমষ্টিত তৃতীয় পৰ্যায়ত (৭ মে’) ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

লগতে পঢ়কঃ IPL 2024: মুখলৈ পানী আহিল কোহলী বাহিনীৰ; ধাৰাবাহিক পৰাজয়ৰ পিছত SRHৰ বিৰুদ্ধে জয়ী RCB

২০১৯ চনৰ লোকসভা নিৰ্বাচনত এই ৮৮খন লোকসভাৰ আসনৰ ভিতৰত ৫২খন আসনত বিজেপিয়ে জয়লাভ কৰিছিল। মাত্ৰ ১৮ খনত বিজয়ী হৈছিল কংগ্ৰেছ। ইয়াৰ উপৰিও জেডিইউ আৰু অবিভক্ত শিৱসেনাই চাৰিটাকৈ, আইইউএমএল দুটাকৈ, বিএছপি, চিপিএম,আৰএছপি,কেৰালা কংগ্ৰেছ,জেডিএছৰ প্ৰাৰ্থীয়ে এটাকৈ সমষ্টিত জয়লাভ কৰিছিল। উল্লেখ্য যে ১৯ এপ্ৰিলত দেশৰ ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd