NORTHEAST NOW (Assamese)

পবিত্ৰ কাশীত মহানায়ক প্ৰণামত শাৰী বিধেয়ক বিৰোধিতাৰ চং দিয়া উত্তৰ-পূবৰ নায়কগণ

April 26, 2019 2:15 pm · এন ই নাও নিউজ
Updated: April 26, 2019 5:01 pm

লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে বাৰাণসীত শুকুৰবাৰে নৰেন্দ্ৰ মোদীৰ মনোনয়ন দাখিল পৰ্বত বাধ্য সৈনিকৰ দৰে উপস্থিত থাকে বিজেপি প্ৰতিপালিত নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে উত্তৰ-পূবত ৰণবিজয়ী সেনানায়কৰ আদৰণি লাভ কৰা ৰাজনৈতিক নায়কগণ।

বিজেপি নেতৃত্বাধীন এন দি এ’ৰ শিৱসেনা, আকালি, জে দি (ইউ)-সদৃশ শক্তিশালী দলৰ নেতাৰ দৰে মোদীৰ কাষতে আসন নাপালেও বিনা দ্বিধাই মহানায়ক প্ৰণামত চামিল হ’ল উত্তৰ-পূবৰ নায়কসকল।

“উত্তৰ-পূবৰ নৱ নায়ক” কনৰাদ চাংমাৰ পৰা অগপৰ অতুল বৰা হৈ নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’লৈকে দেখা গ’ল অঞ্চলটোৰ খিলঞ্জীয়া মুখবোৰক।

বিজেপিৰ বিধেয়ক গৃহীতকৰণৰ ৰাষ্ট্ৰীয় সংকল্প গ্ৰহণ তথা সেই পক্ষত নৰেন্দ্ৰ মোদীৰ দৃঢ়, স্পষ্ট অৱস্থানৰ পিছত নেতাসকলৰ এই অৱস্থান বিধেয়কবিৰোধী উত্তৰ-পূবৰ জনগণৰ বাবে এক নিশ্চিত অস্বস্তি।

বিধেয়ক বিৰোধিতাৰ সহানুভূতিৰে মাত্ৰ দুসপ্তাহ পূৰ্বে ভনীয়েক আগাথাৰ হৈ তুৰাত ভোট ভিক্ষা কৰিছিল কনৰাদে। কৈছিল, “এন পি পি উত্তৰ-পূবৰ দল। আমি নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি যাম।”

ৰাজ্যসভাত বিধেয়কখন উত্থাপিত নোহোৱাৰ পিছত গুৱাহাটীৰ বিমান বন্দৰত অসমৰ মানুহেই “উত্তৰ-পূবৰ নতুন নায়ক”ৰূপে আদৰিছিল মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাদক। কোৱা-কুই চলিছিল, এওঁ পুত্ৰ পি এ চাংমাৰ যি ছোনিয়া গান্ধীৰ সৈতে যুঁজ লাগি কংগ্ৰেছ এৰি ৰাষ্ট্ৰীয় দল খুলিব পাৰে। এই নিৰ্বাচনতো এন পি পিৰ প্ৰচাৰত পি এ’ চাংমাৰ নাম ব্যৱহাৰ হৈছে।

 

বিধেয়কৰ প্ৰশ্নত মিত্ৰতা ভাঙি পুনৰ মিত্ৰজোঁটত সোমোৱাক লৈ অগপ আৰু সভাপতি অতুল বৰা ইতিমধ্যেই সমালোচিত হৈছে। বহু নিষ্ঠাৱান কৰ্মী-নেতাই দল এৰিছে। কিছুমানক বহিষ্কাৰো কৰা হৈছে।

ৰিঅ’ৰ কেবিনেটে চাংমাৰ দৰেই বিধেয়ক বিৰোধিতাৰ সিদ্ধান্ত লৈছিল।

বাকী থাকিল কেৱল মিজোৰামৰ জ’ৰামথাংগা। তেওঁক বাৰাণসীলৈ যোৱা নাছিল।

একমাত্ৰ বিধেয়ক বিৰোধিতাৰ প্ৰশ্নত উত্তৰ-পূবৰ খিলঞ্জীয়াৰ সৰ্বাত্মক, একমুখী সহানুভূতি লাভ কৰিছিল এইসকল নেতাই।

এইসকলৰ বিধেয়ক বিৰোধিতা কি কেৱল চং আছিল?

ঘৰৰ মানুহৰ দ্বাৰাই প্ৰতাৰিত হৈ আছে নেকি অস্তিত্বৰ সংকটত ঐতিহাসিকভাৱে উদ্বিগ্ন উত্তৰ-পূবৰ খিলঞ্জীয়া?

Related News