NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ স্বাক্ষৰেৰে আইনত পৰিণত নাগৰিকত্ব সংশোধনী বিধেয়ক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 13, 2019 9:58 am
President Kovind

অসমৰ তীব্ৰ বিৰোধিতাৰ মাজতে কেন্দ্ৰ চৰকাৰে বিগত ৯ ডিচেম্বৰত লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছত ১১ ডিচেম্বৰত ৰাজ্যসভাতো বিতৰ্কত বিধেয়কখন গৃহীত হয়।

১১ ডিচেম্বৰত ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছত অসমত বিধেয়ক বিৰোধী আন্দোলনে ভয়াবহ ৰূপ ধাৰণ কৰে।

সমগ্ৰ অসমৰ প্ৰতিবাদক দমন কৰাৰ উদ্দেশ্যে চৰকাৰে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে বিভিন্ন জিলাত সান্ধ্য আইন জাৰি কৰে।

অসমৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ মাজতে ১২ ডিচেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দুয়োখন সদনত গৃহীত হোৱা বিধেয়কখনত স্বাক্ষৰ প্ৰদান কৰে।

ৰাষ্ট্ৰপতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনত স্বাক্ষৰ প্ৰাদন কৰাৰ লগে লগে ই আইনত পৰিণত হয়।

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতলৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগতে অহা হিন্দু, খ্ৰীষ্টান, শিখ,বৌদ্ধ আৰু জোৰাষ্টিয়ান ধৰ্মৰ লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব।