NORTHEAST NOW (Assamese)

ভাৰত-চীন বিবাদকলৈ মুখ খুলিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে, কি ক’লে পুটিনে?

June 5, 2021 10:48 pm · এন ই নাও নিউজ

দশকৰ পিছত দশক ধৰি ভাৰত আৰু চীনৰ মাজত চলি থকা বিবাদকলৈ দীৰ্ঘদিনৰ বিৰতিত মুখ খুলিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে।

শেহতীয়াকৈ লাডাখত চীনৰ সেনাই চলোৱা আগ্ৰাসনকলৈ চীন-ভাৰতৰ মাজৰ সম্পৰ্ক অধিক তিক্ত হৈ পৰিছে। লাডাখ সমস্যাৰ সমাধানৰ বাবে ভাৰত আৰু চীনৰ মাজত এতিয়ালৈকে ১১ লানি আলোচনা অনুষ্ঠিত হৈছে যদিও আজিলৈকে বৰফ সম্পূৰ্ণ ৰূপে গলা নাই।

এনে সময়তে আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কয় যে দুই প্ৰতিৱেশী দেশৰ মাজত বিবাদৰ সৃষ্টি হোৱাটো স্বাভাৱিক কথা।কিন্তু সেই বিবাদ আলোচনাৰ মাজেৰে সমাধান কৰাৰ উপায় নথকা নহয়।

চীন আৰু ভাৰতৰ ৰাষ্ট্ৰপধান দুগৰাকী যথেষ্ট দায়ৱদ্ধ ব্যক্তি বুলি মন্তব্য কৰি পুটিনে কয় যে সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই সু-চিন্তিত ভাবে আগবাঢ়ি এক সু-মীমাংসাত উপনীত হ’ব পাৰিব।

চীন-ভাৰতৰ বিবাদ দূৰীকৰণৰ ক্ষেত্ৰত কোনো তৃতীয় পক্ষৰ উপস্থিতি কাম্য নহয় বুলিও পুটিনে স্পষ্টকৈ মন্তব্য কৰে। তেওঁ কয় যে বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ কোনো উপস্থিতি থাকিব নালাগে।

এনে মন্তব্যৰ জৰিয়তে পুটিনে এই কথা বুজাই দিলে যে চীন-ভাৰত বিবাদৰ ক্ষেত্ৰত ৰাছিয়াই মধ্যস্থতা কৰিব নিবিচাৰে।

উল্লেখ্য লাডাখ সংকটৰ পিছতে আমেৰিকাই মুকলিকৈ ভাৰতক সমৰ্থন জনাইছিল।

আমেৰিকাই এই বিবাদৰ অচিলালৈ চীন-ভাৰতৰ মাজত এক প্ৰকাৰৰ মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিব বিচৰাৰ সময়তে ৰাছিয়াই তাৎপৰ্যপূৰ্ণ ভাবে এই বিবাদ সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰিলে।

Related News