NORTHEAST NOW (Assamese)

আজি ৰাভা হাছং স্বায়িত্তশাসিত পৰিষদৰ নিৰ্বাচন : ৪ লক্ষাধিক ভোটাৰে নিৰ্ণয় কৰিব ৯৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য 

April 2, 2025 10:06 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 2, 2025 11:23 am

আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।

স্বায়ত্ত পৰিষদখনৰ ২০টা পৰিষদীয় সমষ্টিৰ এই ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

জানিব পৰা মতে, মুঠ ৩৬২টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ হৈছে।

উল্লেখ্য যে এই নিৰ্বাচনৰ ভোটগ্ৰহণ ই ভি এমৰ পৰিৱৰ্তে বেলট কাকতত অনুষ্ঠিত হব ।

উল্লেখ্য যে গোৱালপাৰা আৰু কামৰূপ জিলাৰ মুঠ ৩৬ টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ।

ইয়াৰে গোৱালপাৰা ২০ টা পৰিষদীয় সমষ্টি ধূপধৰা, কোঠাকুঠী, ধনুভঙা, ৰংজুলি, কুশধোৱা-দৰংগিৰি, উত্তৰ দুধনৈ, দক্ষিণ দুধনৈ, বান্দৰ্শী, মাজ জাখেলি, শালপাৰা, হাবৰাঘট, ডিৰ্মা জাখলি, পূব অজগৰ, জিনাৰী, আগিয়া, দ্বাৰকা, বৰদামাল-কল্যাণপুৰ, দাৰিদুৰি, দ’দান আৰু জয়ৰামকুছি সমষ্টিৰ বাবে ভোট গ্ৰহণ সম্পন্ন হ’ব।

এই ২০ টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত মুঠ ২,৫৪,৬,৪৪ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ২০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য । উল্লেখ্য যে এই নিৰ্বাচনত গোৱালপাৰা আৰু কামৰূপৰ ৩৬ পৰিষদীয় সমষ্টিত মুঠ ৪ লক্ষ্যাধিক ভোটাৰে নিৰ্নণ কৰিব ৯৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

Related News