NORTHEAST NOW (Assamese)

Adani’s Mundra Port ড্ৰাগছৰ পাছত এইবাৰ আদানিৰ মুন্দ্ৰা বন্দৰত উদ্ধাৰ পাকিস্তানৰ পৰা অহা তেজস্ক্ৰিয় পদাৰ্থ

November 21, 2021 9:13 am · এন ই নাও নিউজ, গুৱাহাটী

Adani’s Mundra Port যোৱা ছেপ্টেম্বৰ মাহত প্ৰায় ৩হাজাৰ কিলোগ্ৰাম ড্ৰাগছ উদ্ধাৰ হোৱাৰ পাছত এইবাৰ বৃহৎ পৰিমানৰ তেজস্ক্ৰিয় পদাৰ্থ উদ্ধাৰ হৈছে আদানিৰ মুন্দ্ৰা বন্দৰত।

উদ্যোগপতি গৌতম আদানিৰ আদানি গোষ্ঠী পৰিচালিত গুজৰাটৰ মুন্দ্ৰা বন্দৰত বৃহস্পতিবাৰে এখন বিদেশী পণ্যবাহী জাহাজ শুল্ক বিভাগ আৰু ডিআৰআইৰ যৌথ দলে আটক কৰে।

যৌথ দলটোৱে দাবী কৰা মতে জাহাজখনত গোপনে বিপজ্জনক তেজস্ক্ৰিয় পদাৰ্থ আছে। জাহাজখনৰ বহু কন্টেইনাৰৰ পৰা তেজস্ক্ৰিয় পদাৰ্থ উদ্ধাৰ হৈছে।

জাহাজখন এই তেজস্ক্ৰিয় পদাৰ্থ লৈ পাকিস্তানৰ কৰাচীৰ পৰা চীনৰ চাংহাইলৈ যোৱাৰ কথা আছিল বুলি কোৱা হৈছে।

Also Read: Darshan Nalkande দুৰ্দান্ত! হেট্ৰিকসহ চাৰিটা বলত চাৰিটা উইকেট লৈ অভিলেখ গঢ়িলে এইগৰাকী ভাৰতীয় বলাৰে

আদানি স্প’ৰ্টছ এণ্ড স্পেছিয়েল ইক’নমিক জ’নৰ পৰা শুকুৰবাৰে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে সেই পণ্যবাহী জাহজখন বিপদমুক্ত পদাৰ্থ থকাৰ তালিকাতে আছিল। কিন্তু কন্টেইনাৰ সমূহত ‘হেজাৰ্ড ক্লাছ চেভেন’ বুলি লিখা আছিল যাৰ অৰ্থ তাত তেজস্ক্ৰিয় পদাৰ্থ আছে।

উল্লেখ্য যে যোৱা ছেপ্টেম্বৰত আদানিৰ এই মুন্দ্ৰা বন্দৰতে ৩হাজাৰ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰাৰ পাছত ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল শ্বাহৰুখ পুত্ৰ আৰিয়ান খানক।

ইয়াৰ পাছতে ৰাজনৈতিক বিতৰ্কৰ সূত্ৰপাত হয়। বিৰোধীয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ গৌতম আদানিৰ আদানি গোষ্ঠীৰ মুন্দ্ৰা বন্দৰত ইমান বৃহৎ পৰিমানৰ ড্ৰাগছ উদ্ধাৰৰ ঘটনাৰ পৰা দৃষ্টি আঁতৰাৱলৈকে আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা হৈছে।

Also Read: Sibsagar College upgradation কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে! মহাৰজত জয়ন্তীত সুখবৰ; শিৱসাগৰ কলেজ উন্নীত হ’ব বিশ্ববিদ্যালয়লৈ

এইবাৰ সেই মুন্দ্ৰা বন্দৰতে উদ্ধাৰ কৰা হৈছে বিপজ্জনক তেজস্ক্ৰিয় পদাৰ্থ। ইতিমধ্যে তদন্তৰ বাবে মুন্দ্ৰা বন্দৰতেই জাহাজখন খালী কৰা হৈছে।  

আদানি স্প’ৰ্টছ এণ্ড স্পেছিয়েল ইক’নমিক জ’নৰ ফালৰ পৰা শুল্ক বিভাগ আৰু ডিআৰআইৰ যৌথ দলক ধন্যবাদ জনোৱা হৈছে। লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈ আদানি গোষ্ঠী অত্যন্ত দায়বদ্ধ আৰু ইয়াৰ সৈতে কেতিয়াও আপোচ নকৰে বুলি স্পষ্ট কৰি দিয়ে।

Related News