NORTHEAST NOW (Assamese)

ৰাহুল গান্ধীৰ কটাক্ষ : পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ বাবেই চৰকাৰে কমাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য

March 28, 2021 8:18 pm · এন ই নাও নিউজ

মোদীৰ চৰকাৰক আজি পুনৰ উভতি ধৰিলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে।

পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসৰ প্ৰসংগত মন্তব্য কৰি আজি ৰাহুল গান্ধীয়ে কয় যে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবেই মোদীৰ চৰকাৰে অতি সামান্য পৰিমাণে মূল্য কমাইছে।

প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত ১৭-১৮ পইচা কমাই মোদীৰ চৰকাৰে এতিয়া ৫ ৰাজ্যৰ ভোটাৰক আকৰ্ষণ কৰিব বিচাৰিছে বুলিও ৰাহুলে মন্তব্য কৰে।

জনতাই ৰাহি হোৱা এই সামন্য ধনেৰে কি কৰিব বুলিও ৰাহুলে প্ৰশ্ন কৰে।উল্লেখ্য

বিজেপি নেতৃত্বাধীন চৰকাৰ খনে ৫ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে দেশবাসীক চমক দিবলৈ ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।

সেই মৰ্মে পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ১৭ পইচাৰ পৰা ২৪ পইচালৈ হ্ৰাস কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

দিল্লীত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১৮ পইচাকৈ কমিছে।একেদৰে চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ২৪ পইচাকৈ কমিছে।

মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ্ৰাস কৰা হৈছে ১৭ পইচাকৈ।

এনেদৰেই মোদীৰ চৰকাৰে কেৱল মাত্ৰ নামত ইন্ধনৰ মূল্য হ্ৰাস কৰি জনতাৰ বাঃ বাঃ ল’ব বিচৰাৰ কথাই এতিয়া বহুতকে আচৰিত কৰি তুলিছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি নোপোৱাৰ পিছতো ভাৰতত নিৰন্তৰ ভাবে কি কাৰণত ইন্ধনৰ মূল্য বৃদ্ধি কৰি যোৱা হৈছে সেয়া সকলোৰে বাবে এক সাঁথৰ হৈয়ে ৰৈছে।

Related News