NORTHEAST NOW (Assamese)

‘প্ৰধানমন্ত্ৰীৰ বাবে ৮.৪ হাজাৰ কোটি টকীয়া বিমান আৰু জোৱানৰ বাবে নন-বুলেটপ্ৰুফ ট্ৰাক!’ : ৰাহুল গান্ধীৰ কটাক্ষ

October 11, 2020 7:15 pm · এন ই নাও নিউজ
Updated: October 11, 2020 7:19 pm

শনিবাৰে নিজৰ টুইটাৰ একাউন্টত এটা ভিডিঅ’ টুইট কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে দেশৰ নিৰাপত্তাৰ দায়িত্বত থকা জোৱানসকলক নন-বুলেটপ্ৰুফ ট্ৰাকত ছহিদ হ’বলৈ প্ৰেৰণ কৰিছে চৰকাৰে।

ৰাহুল গান্ধীৰ এই টুইটৰ পিছতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(CRPF)এ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বাহিনীটোৰ মুখপাত্ৰ ডেপুটি ইন্সপেক্টৰ জেনেৰেল মুজেশ ধিনাকৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, “CRPFৰ লগত প্ৰয়োজনীয় পৰ্যাপ্ত পৰিমাণৰ বিভিন্ন প্ৰতিৰক্ষামূলক যান-বাহন আছে।”

ৰাহুল গান্ধীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ হাজাৰ ৪০০ কোটি টকাৰে আমেৰিকাৰ পৰা ক্ৰয় কৰা ভিভিআইপি বিলাসবহুল বিমানখনকো কিছু দিনৰ পূৰ্বে কটাক্ষ কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীয়ে কৈছিল, “এফালে মোদীয়ে ৮ হাজাৰ ৪০০ কোটি টকা খৰচ কৰি দুখন বিমান ক্ৰয় কৰিছে আৰু আনফালে চীন সীমান্তত আমাৰ সৈন্যসকল প্ৰচণ্ড ঠাণ্ডাকো উপেক্ষা কৰি সীমান্ত ৰক্ষাৰ কৰাত ব্যস্ত আছে।”

ইফালে CRPFৰ নন-বুলেটপ্ৰুফ বাহনৰ সম্পৰ্কে ৰাহুল গান্ধীয় অভিযোগ কৰি টুইটত লিখিছে, “আমাৰ জোৱানসকলক নন-বুলেটপ্ৰুফ ট্ৰাকত ছহিদ হ’বলৈ প্ৰেৰণ কৰিছে। আৰু প্ৰধানমন্ত্ৰীয়ে নিজৰ বাবে ৮ হাজাৰ ৪০০ কোটি টকীয়া বিমান ক্ৰয় কৰিছে। এয়া কেনে  বিচাৰ?”

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে টুইটাৰত শ্বেয়াৰ কৰা ভিডিঅ’টোত জোৱানসকলে এখন নন-বুলেটপ্ৰুফ ট্ৰাকত বহি আলোচনা কৰি থকা দেখা গৈছে।

তেওঁলোকে আলোচনাত কোৱা শুনা যায় যে উচ্চপদস্থ বিষয়াই নিজে বুলেটপ্ৰুফ বাহনত যাত্ৰা কৰিছে আৰু জোৱানসকলৰ নিৰাপত্তাৰ দিশটোক উপেক্ষা কৰা হৈছে।

Related News