NORTHEAST NOW (Assamese)

ৰে’ল বিভাগত বন্ধ হ’ল ব্ৰিটিছৰ দিনৰ খালাচী প্ৰথা, বাংলো পিয়নৰ পদো বিলুপ্ত

August 7, 2020 5:37 pm · এন ই নাও নিউজ

দেশৰ বহু কেইটা বিভাগ এতিয়াও ব্ৰিটিছৰ দিনৰ ঢঙতে চলি আহিছে।

তেনে বিভাগ সমূহৰ ভিতৰত ৰে’ল বিভাগো এটা।

ৰে’ল বিভাগত বছৰৰ পিছত বছৰ ধৰি চলি অহা কেইবাটাও পদ এইবাৰ বিলুপ্তিৰ সিদ্ধান্ত লৈছে বিভাগটোৱে। মূলতঃ ব্যয় সংকোচনৰ লক্ষ্যৰেই ৰে’ল বিভাগত ব্ৰিটিছৰ দিনৰে পৰা থকা খালাচী অৰ্থাৎ টেলিফোন এটেণ্ডেণ্ট কাম ডাক খালাচীৰ পদ বন্ধ কৰি দিয়া হৈছে।

ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এতিয়াৰে পৰা এই পদ বিভাগটোত নাথাকিব।

একেদৰে বিভাগটোৰ পৰা বাংলো পিয়নৰ পদো বিলুপ্তি ঘটোৱা হৈছে। বাংলো পিয়ম পদত নিযুক্ত সকলে ৰে’ল বিভাগৰ উচ্চ পদস্থ বিষয়াৰ ঘৰত লগুৱাৰ দৰে কাম কৰি দিব লাগে।

ইয়াকে লৈ ৰে’ল বিভাগৰ একাংশ কৰ্মীৰ মাজত দীৰ্ঘ দিন ধৰি ক্ষোভৰো সৃষ্টি হৈ আহিছিল।

চৰকাৰী কৰ্মচাৰী হোৱাৰ পিছতো একে বিভাগৰে কৰ্মচাৰীৰ ঘৰত কাম কৰি দিবলগীয়া হোৱাৰ কথাই বহুতৰে আত্ম সন্মাণতো আঘাত হানি আহিছিল।

এতিয়া সেই পদকেই খাৰিজ কৰাৰ সিদ্ধান্ত লৈছে ৰে’ল বিভাগে।

উল্লেখ্য চলিত বৰ্ষৰ জুলাই মাহত ৰে’ল বিভাগত নতুনকৈ খালাচী পদত বহুতোকে নিযুক্তি দিয়া হৈছিল যদিও সেই নিযুক্তিত স্থগিতাদেশ জাৰি কৰা হৈছে।

ৰে’ল বিভাগৰ খৰচ কমোৱাৰ বাবে সভা-সমিতি আদি অনলাইন যোগে অনুষ্ঠিত কৰা,নতুন গাড়ী, কম্পিউটাৰ আদি ক্ৰয় নকৰা,সুৰক্ষা আৰু স্বাস্থ্য বিভাগক বাদ দি আন বিভাগত কেছ এৱাৰ্ড বন্ধ কৰা আদি ব্যৱস্থা হাতত লোৱা হৈছে।

Related News