NORTHEAST NOW (Assamese)

ব্ৰাহ্মণ সমাজক ‍‘ভিক্ষাৰী‍’ বুলি কোৱা বিধায়ক ৰমাকান্ত দেউৰীয়ে খুজিলে ক্ষমা

October 6, 2020 3:08 pm · এন ই নাও নিউজ
Updated: October 6, 2020 3:13 pm
বিধায়ক ৰমাকান্ত দেউৰীৰ সংগৃহীত ফটো।

ব্ৰাহ্মণ সমাজক ভিক্ষাৰী বুলি মন্তব্য কৰি তীব্ৰ সমালোচনা তথা ভৎসৰ্নাৰ সন্মুখীন হোৱা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে অৱশেষত ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ’ল।

ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰি দেউৰীয়ে কয়, ‍‘মই ব্ৰাহ্মণ সমাজৰ দুজন লোকৰ বিৰুদ্ধে ক’ব লাগিছিল কিন্তু মোৰ সমগ্ৰ ব্ৰাহ্মণ সমাজক কোৱা গ’ল। মোৰ এই মন্তব্যৰ বাবে ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিছো’।

বিধায়ক ৰমাকান্তই কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ দুজন নেতাই ৰাইজৰ আগত তেওঁক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলাই থাকে আৰু সেয়ে তেওঁ ছাত্ৰ নেতা দুগৰাকীৰ বিৰুদ্ধে এই মন্তব্য কৰে।

‘মই ব্ৰাহ্মণ সমাজক ইচ্ছাকৃতভাৱে কোনো বেয়া মন্তব্য কৰা নাই। বাহ্মন সমাজৰ দুজন আছু নেতাক উদ্দেশ্যিহে এই মন্তব্য কৰিছিলো। কথাখিনি খং আৰু আৱেগত ওলাইছিল’, এইদৰে কয় দেউৰীয়ে।

তেওঁ লগতে কয়, ‍‘মই তিৱা মানুহ, কথাবোৰ চিধা চিধি কওঁ। মোৰ মন্তব্যই যদি কাৰোবাক আঘাত দিছে তেন্তে তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো’।

উল্লেখযোগ্য যে ৫ অক্টোবৰ অৰ্থাৎ সোমবাৰে এখন নিৰ্বাচনী সভাত বিধায়ক ৰমাকান্ত দেউৰীয়ে বামুন-মহন্ত বোৰক টুকুৰা টুকুৰকৈ কাটিম আৰু ভিক্ষাৰে পেট প্ৰৱৰ্তাই থকা বুলি মন্তব্যৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Related News