NORTHEAST NOW (Assamese)

চিৰাঙত সেনা-আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

October 16, 2019 9:29 pm · ৰিনয় বসুমতাৰী
চিৰাঙত সেনা আৰু আৰক্ষীৰ অভিযান

চিৰাং আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীৰ চিৰাঙত থকা ৰেড হৰ্ণ ডিভিজনে অঞ্চলটোত বৃহ পৰিমাণৰ গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

গোলাবাৰুদ খিনি উগ্ৰপন্থী সংগঠন এন ডি এফ বি(সং)ৰ বুলি সন্দেহ কৰা হৈছে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুকানতেকলাই নদীৰ ওচৰৰ পৰা গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী সমূহ উদ্ধাৰ কৰে।

অভিযান কালত আৰক্ষী আৰু সেনা বাহিনীয়ে মেটেল ডিটেক্টৰ ব্যৱহাৰ কৰি লুকাই ৰখা গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী সমূহ উদ্ধাৰ কৰে।

বিস্ফোৰক সামগ্ৰীৰ ভিতৰত বৃহৎ পৰিমাণৰ ডিটোনেটৰ আৰু গ্ৰেনেড উদ্ধাৰ হয়।

সেনা বাহিনী আৰু আৰক্ষীৰ লুকাই ৰখা বিস্ফোৰক সামগ্ৰী উদ্ধাৰৰ ক্ষেত্ৰত এয়া দ্বিতীয় সফলতা। ইয়াৰ পূৰ্বে বিগত মাহত আৰক্ষী-সেনাৰ যুটীয়া অভিযানত পানবাৰী সংৰক্ষিত বনাঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছিল।

ৰাষ্ট্ৰবিৰোধী উগ্ৰপন্থী সংগঠনৰ সমূহৰ বিৰুদ্ধে চলোৱা এনে অভিযান ভবিষ্যতে অতি কঠোৰ আৰু দীঘলীয়া সময়ৰ বাবে চলোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এনেধৰণৰ অভিযানে বিটিএডি অঞ্চলত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব বুলিও সূত্ৰত প্ৰকাশ পায়।

Related News