NORTHEAST NOW (Assamese)

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

October 1, 2023 8:47 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ছবি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি পুনৰ উদ্ধাৰ হৈছে এটা গঁড়ৰ মৃতদেহ। গঁড়টোৰ মৃত্যুৰ কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই যদিও বন বিভাগে গঁড়ৰ জাকৰ মাজতে হোৱা যুঁজৰ ফলত গঁড়টোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

অৱশ্যে সঠিক কাৰণ নিৰ্ণয়ৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰা হ’ব বুলি বন বিভাগে সদৰী কৰে। মৃত গঁড়টোৰ শৰীৰত চোৰাংচিকাৰীৰ দ্বাৰা আক্ৰমণৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাই বুলি বিভাগে লগতে উল্লেখ কৰে।

নগাঁও সংমণ্ডলৰ অন্তৰ্গত কামাখ্যা ৰেঞ্জ বনাঞ্চলৰ সমীপৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ অতিৰিক্ত এলেকাৰ বুঢ়াপাহাৰ ৰেঞ্জৰ ফ্ৰিঞ্জ এলেকাত আজি পুৱা ৬ বজাত টহল দিওঁতে বনকৰ্মীয়ে গঁড়ৰ মৃতদেহটো লক্ষ্য কৰে।

নগাঁৱৰ সংমণ্ডল বন বিষয়া সুহাস কদমে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গঁড়টোৰ খৰ্গকে ধৰি মৃতদেহৰ সকলো অংশ অক্ষত অৱস্থাত পোৱা গৈছে বুলি জানিবলৈ দিয়ে।

Related News