NORTHEAST NOW (Assamese)

নৰ্থ-ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব’ত ৰিণিকি ভূঞা শৰ্মাৰ মুগা কাপোৰৰ ব্ৰেণ্ডৰ প্ৰমোচনঃ কংগ্ৰেছ মুখপাত্ৰৰ দাবী

September 25, 2025 10:49 am · এন ই নাও নিউজ, গুৱাহাটী

অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰহস্য জনক মৃত্যুৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা নৰ্থ ইষ্ট লাইভৰ মুৰব্বী ৰিণিকি ভূঞা শৰ্মা আৰু শ্যামকানু মহন্তৰ মাজত ব্যৱসায়ীক সম্পৰ্ক থকাৰ অভিযোগো সাঙুৰ খাইছে। ইতিমধ্যেই ছিংগাপুৰত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ব্লেকলিষ্ট কৰা অনুষ্ঠানৰ আয়োজক শ্যামকানু মহন্তক। শেহতীয়াকৈ নৰ্থইষ্ট লাইভৰ সম্প্ৰচাৰ আৰু মহন্তৰ ছ’চিয়েল মিডিয়াৰ প্ৰমাণৰ উদ্ধৃতি দি তেওঁলোকৰ মাজত ঘনিষ্ঠ ব্যৱসায়িক সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ ঋতম সিঙে।

শৰ্মাৰ চেনেল নৰ্থ-ইষ্ট লাইভৰ জৰিয়তে মহন্তৰ নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ প্ৰচাৰৰ লগতে তেওঁৰ মুগা ৰেচম ব্ৰেণ্ড “গোল্ডেন থ্ৰেড অৱ আছাম”ৰ ফেশ্বন শ্বকে ধৰি কেইবাটাও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে। মহন্তৰ ফেচবুক পেজৰ ক্লিপ আৰু ফটো শ্বেয়াৰ কৰি সিঙে পত্নী অনিতা ডেকা মহন্তৰ হীয়া শাড়ীৰ সমান্তৰালকৈ শৰ্মাৰ সামগ্ৰী প্ৰদৰ্শন কৰা যৌথ অনুষ্ঠান দেখুৱাইছে। এই দৃশ্যবোৰে সহযোগিতামূলক ব্যৱসায়িক সম্পৰ্ক প্ৰদৰ্শন কৰে, আৰু মহন্তৰ পোষ্টটোৱে শৰ্মাৰ সাংস্কৃতিক প্ৰচাৰৰ সৈতেও জড়িত হোৱাৰ প্ৰমাণ দিয়ে বুলি দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে।

সিঙে আৰু অভিযোগ কৰে যে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ অনুদানৰ প্ৰদানকে ধৰি শ্যামকানু মহন্ত  হিমন্ত বিশ্ব শৰ্মাৰ ঘণিষ্ঠ আছিল বুলি দাবী কৰিছে। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ জনসাধাৰণৰ ক্ষোভিত হৈ থকাৰ সময়তে হিমন্ত বিশ্ব শৰ্মাই অসমত মহন্তৰ অনুষ্ঠানত নিষেধাজ্ঞা ঘোষণা কৰাৰ এই কথা প্ৰকাশ কৰিছে। এফআইআৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ নাম উল্লেখ কৰা হৈছে যদিও মুখ্যমন্ত্ৰীৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবে যাতে আইনৰ সুৰুঙাৰে পলাই যাব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

Related News