NORTHEAST NOW (Assamese)

ৰাহুল-পন্তৰ প্ৰত্যাৱৰ্তন! বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ বাবে দল ঘোষণা ভাৰতৰ

September 9, 2024 11:07 am · এন ই নাও নিউজ, গুৱাহাটী

বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ বাবে ভাৰতীয় ক্ৰিকেট দলটো ঘোষণা কৰা হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দেওবাৰে (৮ ছেপ্টেম্বৰ) ঘোষণা কৰে ১৬ জনীয়া দলটো। দলৰ নেতৃত্ব দিব ৰোহিত শৰ্মাই।

তাৰকা বেটছমেন বিৰাট কোহলী, উইকেটকীপাৰ ঋষভ পন্ত আৰু বেগী বলাৰ যশপ্ৰীত বুমৰাহ দললৈ ঘূৰি আহিছে। কে এল ৰাহুলো দললৈ উভতি অহাৰ বিপৰীতে বাওঁহতীয়া বেগী বলাৰ যশ দয়ালে টিম ইণ্ডিয়াত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰে।

অহা ১৯ ছেপ্টেম্বৰৰ পৰা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব টেষ্ট শৃংখলাৰ প্ৰথমখন খেল।

প্ৰথম টেষ্ট মেচৰ বাবে ভাৰতীয় দলটো

ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, ছৰফৰাজ খান, কে এল ৰাহুল, ঋষভ পন্ত (উইকেটকীপাৰ), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, আকাশ দীপ আৰু যশ দয়াল। 

Related News