NORTHEAST NOW (Assamese)

যুৱ ধোনীৰ তুলনাত ২২ বছৰীয়া ঋষভ পণ্ট অধিক টেলেণ্টেড : আশীষ নেহৰা

August 18, 2020 11:53 am · এন ই নাও নিউজ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে ভাৰতৰ আটাইতকৈ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীক প্ৰাক্তন সতীৰ্থ ক্ৰিকেটাৰ আশীষ নেহৰাই শুভেচ্ছা প্ৰদান কৰিছে।

ধোনী প্ৰসংগত নেহৰাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু ইয়াৰে অন্যতম মন্তব্যটো হ’ল ‍‘ক্ৰিকেট জীৱনত ধোনীৰ মগজুৱেই আছিল সাফল্যৰ অন্যতম কাৰণ‍‘।

নেহৰাই আন এক মন্তব্য কৰি কয় যে যুৱ অৱস্থাৰ ধোনীৰ তুলনাত বৰ্তমানৰ ২২ বছৰীয়া ঋষভ পণ্টৰ ভিতৰত অধিক টেলেণ্ট আছে।

এই সন্দৰ্ভত নেহৰাই কয়, ‍‘ধোনীৰ মগজুই আছিল তেওঁৰ সাফল্যৰ প্ৰধান কাৰণ। যদি মোক সোধে তেন্তে মই কম যে ২০০৪ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ হৈ খেলা ২৩ বছৰীয়া ধোনীৰ তুলনাত ২২ বছৰীয়া পণ্ট অধিক টেলেণ্টেড’।

নেহৰাই লগতে কয় যে ধোনী কেৰিয়াৰৰ আৰম্ভণিত খুৱ এটা ভাল নাছিল যদিও অভিজ্ঞতাৰ লগে লগে পিছলৈ এজন পাৰ্ফেক্ট ক্ৰিকেটাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।

নেহৰাই লগতে কয়, ‍‘জ্যেষ্ঠ ক্ৰিকেটাৰ সকলৰ প্ৰতি তেওঁৰ যথেষ্ট সন্মান আছিল। তেওঁ সকলোকে সন্মান দিছিল বাবে সকলোৰে পৰা সন্মানো পাইছিল’।

Related News