NORTHEAST NOW (Assamese)

চামগুৰিত ট্ৰাকে মহতিয়ালে ব্যক্তিগত বাহনঃ কথমপি প্ৰাণৰক্ষা দুজনৰ

March 25, 2024 9:20 pm · এন ই নাও নিউজ, গুৱাহাটী

চামগুৰিৰ মাজমজিয়াত আজি সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। এই দুৰ্ঘটনাত ৰাজপথতে দাউ-দাউকৈ জ্বলি উঠে এখন ব্যক্তিগত বাহন।

এখন কণ্টেনাৰ ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ পিছতেই জ্বলি উঠে দুৰ্ঘটনাগ্ৰস্ত ভাৰ্ণা বাহন এখন।

অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত ঘটনাস্থলিত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত তৎকালীনভাৱে জুই নিৰ্বাপিত কৰা হয়।

দুৰ্ঘটনাটোৰ ফলত আঘাতপ্ৰাপ্ত হয় ভাৰ্ণা বাহনখনৰ দুজনকৈ আৰোহী। আহত দুয়োজন লোককে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

চামগুৰি ৰঙাগড়াস্থিত তেল ডীপুৰ পৰা কণ্টেনাৰ ট্ৰাকখন ওলাই ভুল পথেৰে আগবাঢ়িবলৈ লওঁতেই এই ভয়ংকৰ দূৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলিৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলায় কণ্টেনাৰ ট্ৰাকখনৰ চালক-হেণ্ডিমেনে।

কিন্তু স্থানীয় একাংশ লোকে খেদি খেদি পলায়নৰ চেষ্টা কৰা চালক-হেণ্ডিমেন দুজনক কৰায়ত্ব কৰে।

Related News