NORTHEAST NOW (Assamese)

গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ পথৰ কদৰ্য্যময় ৰূপ; প্ৰতিবাদৰ হুংকাৰ স্থানীয় ৰাইজৰ

September 21, 2019 12:31 pm · নীলমণি শৰ্মা
Updated: September 21, 2019 12:38 pm

গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ পাজাবান্ধা গাঁৱৰ পথৰ কদৰ্য্যময় অৱস্থাই সমগ্ৰ অঞ্চলটোৰ ৰাইজক দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাই আহিছে।

বৰ্তমান পথৰ অতি বেয়া অৱস্থাৰ বাবে গাঁৱখনৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে ঘৰতে বহি থাকিব লগা হৈছে।

গাঁৱখনৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি চৰকাৰক অঞ্চটোৰ পথছোৱা মেৰামতি কৰাৰ বাবে দাবী জনাই অহাৰ পাছতো ইয়াৰ কোনোধৰণৰ উন্নয়ণ হোৱা পৰিলক্ষিত নহ’ল।

বিভিন্ন সময়ত ৰাইজে পথছোৱা মেৰামতি কৰাৰ বাবে প্ৰতিবাদ কৰি অহাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষৰ কোনোধৰণৰ গা লৰা পৰিলক্ষিত নহল।

চৰকাৰৰ অমনোযোগিতাৰ বাবে পথাৰ সদৃশ হৈ পৰি পৰ পথছোৱা শীঘ্ৰেই মেৰামতি নকৰিলে ভবিষ্যতে তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে স্থানীয় জনসাধাৰণে।

Related News