NORTHEAST NOW (Assamese)

ভাৰাঘৰত উদ্ধাৰ মৃতদেহ, বিদেশী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

September 13, 2025 11:46 am · এন ই নাও নিউজ, নতুন দিল্লী
Updated: September 13, 2025 11:47 am

ইউৰোপৰ এখন দেশ ৰোমানিয়াৰ পৰা পি এইচ ডি কৰিবলৈ ভাৰতলৈ আহিছিল।  ভাড়াঘৰত আছিল। বৃহস্পতিবাৰে নিশা তাতেই এগৰাকী বিদেশী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ বাৰাণসীত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, ২৭ বছৰীয়া যুৱতীগৰাকী বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত ছাত্ৰীগৰাকীৰ নাম ফিলিপা ফ্ৰান্সিস্কা। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত ভাৰতীয় দৰ্শন বিষয়ত পি এইচ ডি কৰি আছিল। ইয়াৰ বাবে তেওঁ চক থানা এলেকাৰ এটা ভাড়াঘৰত থাকিবলৈ লৈছিল।

ঘৰৰ মালিকে বৃহস্পতিবাৰে সন্ধিয়াৰ পিছত তাৰ পৰা ছাত্ৰীগৰাকীৰ কোনো সাৰসুৰ নোপোৱা বুলি জানিবলৈ দিয়ে। যেতিয়া কোনো সঁহাৰি নাপালে, তেতিয়া তেওঁ ৰাতি দুৱাৰত টোকৰ মাৰে। তেতিয়াও কোনো উত্তৰ নোপোৱাত আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আহি ডুপ্লিকেট চাবি এটা লৈ দুৱাৰখন খুলি ঘৰত সোমাই ফিলিপাক মৃত অৱস্থাত উদ্ধাৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ফিলিপাই দীৰ্ঘদিন ধৰি বাৰাণসীত বাস কৰি আহিছিল। ইয়াৰ আগতেও তেওঁ পঢ়া-শুনাৰ বাবে চুৰাট আৰু অমৃতসৰতো আছিল। আনকি তেওঁৰ ভিছাৰ ম্যাদো ২০২৭ চনলৈকে আছিল।

ইপিনে, এই পি এইচ ডি ছাত্ৰীগৰাকীৰ মৃত্যু কেনেকৈ হ’ল তাক লৈ আৰক্ষী বিভ্ৰান্ত। কাৰণ মৃতকৰ কোঠাৰ পৰা কোনো ছুইচাইড নোট বা ঔষধ উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে জনোৱা মতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ কাৰণ নিশ্চিত কৰিব পৰা যাব।

অৱশ্যে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে ফিলিপাৰ মৃগীৰোগ আছিল। সৰুৰে পৰাই তেওঁ এই সমস্যাত ভুগি আহিছে। আৰক্ষীয়ে ৰোমানিয়াৰ দূতাবাসক অৱগত কৰিছে। তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰাৰ প্ৰয়াস কৰা হৈছে। বি এইচ ইউৰ ভিতৰতে এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Related News