NORTHEAST NOW (Assamese)
অসম

দিনে ৯ ঘণ্টাকৈ কাৰ্য্যালয়! প্ৰতিক্ৰিয়া সদৌ অসম কৰ্মচাৰী পৰিষদৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 1, 2019 9:29 pm
SAKP rubbishes report of 9-hour workday for Assam govt employees

অসম চৰকাৰৰ কৰ্মচাৰীৰ কামৰ সময় দৈনিক ৯ঘন্টা হ’ব বুলি ৰাজ্যৰ একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰা বাতৰি খণ্ডন কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে।

পৰিষদেৰ সভাপতি বাসৱ চন্দ্ৰ কলিতাই নৰ্থ ইষ্ট নাও-ত বাতৰিটোক “উৰাবাতৰি”ৰূপে অভিহিত কৰিছে।

“এইটো সম্পূৰ্ণ এটা উৰা-বাতৰি। ৰাজ্য চৰকাৰৰ তেনেকুৱা কোনো প্ৰস্তাৱেই নাই,” অহা পহিলা জুলাইৰ পৰা নতুন কৰ্মসময় হ’ব বুলি অসমৰে সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰিৰ প্ৰতিক্ৰিয়াত কলিতা।

সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাই বাতৰিটোত প্ৰকাশিত কৰ্মসময় “মানি লোৱা নহ’ব” বুলি ইতিমধ্যে প্ৰতিক্ৰিয়া কৰাত খবৰটোৱে সত্যতাৰ এক ন্যায্যতা লাভ কৰিছিল। ৰাজ্যজুৰি কথাটোৱে চৰ্চাও লাভ কৰিছে।

কিন্তু, ভাৰতৰো ঘোষিত দায়বদ্ধতা থকা আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক আইনৰ সংশ্লিষ্ট প্ৰসংগৰ বিনা উল্লেখেৰে পূৰ্বে প্ৰকাশিত এক বাতৰিৰ ভিত্তিত আমলা সন্থাই তাৎপৰ্য্যপূৰ্ণভাৱে কৰা প্ৰতিক্ৰিয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰিষদে।

“মুৰব্বী বিভাগীয় আমোলা সন্থাই ক’ত পাইছে বিষয়টো নাজানো। আমি– মই নিজেই সুধিছো আৰু আলোচনা কৰিছো– ৯ ঘন্টাৰ সময়সীমা কৰা হোৱা নাই,” কলিতাই জনায়।

কলিতাই লগতে কয় যে আজিৰ তাৰিখত অসমৰ কৰ্মচাৰীসকলে সপ্তাহত গড়ে ৪১ ঘন্টা ১৫ মিনিট কাম কৰি আছে।

লগতে পঢ়ক– সপ্তাহত দুদিনকৈ বন্ধ: সদৌ অসম কৰ্মচাৰী পৰিষদৰ মত

“মাহেকৰ চাৰিটা সপ্তাহৰ বৰ্তমান দুটা সপ্তাহ ৫ দিন আৰু অন্য দুটা সপ্তাহ ৬ দিনকৈ কৰ্ম কৰি আছো। ৬ দিনত মুঠ সময়সীমা হয় ৪৫ ঘন্টা আৰু ৫ দিনত প্ৰায় ৩৭ ঘন্টা। সকলো মিলাই গড় হিচাপত সপ্তাহত ৪১ ঘন্টা ১৫ মিনিট হয়।”

তেওঁ কয় যে সপ্তাহত দুদিনকৈ বন্ধ দিলে কৰ্মচাৰীৰ কৰ্মসময় কিছু বৃদ্ধি কৰাৰ কথা বিবেচনা কৰা হ’ব পাৰে কিন্তু ৯ ঘন্টালৈকে কাৰ্য্যালয় নোহোৱাটো খাটাং।

লগতে পঢ়ক– ‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ : নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ কৰ্মচাৰী পৰিষদ-আছু