NORTHEAST NOW (Assamese)
অসম

চল্লিশ ঘন্টাৰ পাছত পুনৰ আৰম্ভ হ’ল চামগুৰি পাৱাৰ গ্ৰীড চাৰ্ভিছ ষ্টেশ্যনৰ পৰা বিদ্যুৎ যোগান

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা September 19, 2020 8:59 am
index

অগ্নিকাণ্ডৰ ফলত  চামগুৰিস্থিত পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেশ্যনত বৃহৎ ক্ষতি হোৱা কেব’ল তথা ট্ৰেন্সফৰ্মাৰৰ মেৰামতি চল্লিশ ঘন্টাৰ মুৰত কাৰ্যক্ষম হৈ উঠিছে।

ইয়াৰ ফলত পুনৰ নগাঁও জিলাবাসীক বিদ্যুৎ সৰবৰাহ যোগান ধৰিবলৈ সক্ষম হৈছে বিদ্যুৎ বিভাগ।

জিলাবাসীয়ে এতিয়া বিদ্যুৎ বিভাগৰ এনে ক্ষিপ্ৰ পদক্ষেপক প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে বিশ্বকৰ্মা পূজাৰ দিনাই পুৱা নগাঁও জিলাৰ চামগুৰিস্থিত পাৱাৰ গ্ৰীড চাৰ্ভিছ ষ্টেশ্যনত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত বৃহৎ ক্ষতিসাধন হৈছিল।

ইয়াৰ পিছত দিন ৰাতি একাকাৰ কৰি প্ৰায় অৰ্ধ শতাধিক অভিযন্তা-কৰ্মচাৰীয়ে অশেষ কষ্ট কৰি ট্ৰাঞ্চফৰ্মাৰটোৰ লগতে সংযোগী আণ্ডাৰগ্ৰাউণ্ড ক’ন্ট্ৰ’ল কেব’ল সমূহ সঠিক ভাৱে মেৰামতি কৰিবলৈ সক্ষম হয়।

শুকুৰবাৰৰ নিশা প্ৰায় ১০-১৫ বজাৰ পৰা সমগ্ৰ জিলাতেই পুনৰ বিদ্যুৎ যোগান ধৰা বুলি জানিব পৰা গৈছে ।

এয়া  বিদ্যুৎ বিভাগৰ বৃহৎ সফলতা বুলি চামগুৰিৰ সচেতন নাগৰিকে ব্যক্ত কৰিছে।