NORTHEAST NOW (Assamese)

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

July 29, 2025 11:46 am · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় তাৰকা সঞ্জয় দত্তই এটা আৱেগিক কাণ্ডৰ কথা প্ৰকাশ কৰিছে। ২০১৮ চনৰ আশে-পাশে এজন মৃত্যুমুখত পৰা অনুৰাগীয়ে তেওঁৰ বাবে প্ৰায় ৭২ কোটি টকাৰ সম্পত্তি এৰি থৈ গৈছিল। অৱশ্যে সেই বিশাল সম্পত্তি নিজৰ বাবে ৰখাৰ পৰিৱৰ্তে সঞ্জয় দত্তই অনুৰাগীৰ পৰিয়াললৈ ঘূৰাই দিয়ে।

সঞ্জয় দত্তৰ এই মানৱীয় আৰু দায়িত্বশীল আচৰণত বহু লোক মুগ্ধ হৈ পৰিছে। শেহতীয়া এক সাক্ষাৎকাৰত সঞ্জয় দত্তই কয় যে অনুৰাগী নিশা পাটিল নামৰ ৬২ বছৰীয়া এগৰাকী মহিলাৰ মাৰাত্মক ৰোগ ধৰা পৰে। মৃত্যুৰ পূৰ্বে তেওঁ বেংকক নিৰ্দেশ দিছিল যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সকলো সম্পত্তি সঞ্জয় দত্তক হস্তান্তৰ কৰিব লাগে।

আইনী প্ৰক্ৰিয়াৰ জৰিয়তে অভিনেতাজনক একমাত্ৰ উত্তৰাধিকাৰী কৰি গৈছিল নিশাই। কিন্তু এই অভাৱনীয় সিদ্ধান্তত সঞ্জয় দত্ত আচৰিত হৈছিল যদিও সম্পত্তি গ্ৰহণ কৰাৰ পৰিৱৰ্তে সেয়া নিশাৰ পৰিয়ালক ঘূৰাই দিয়ে। মুঠতে সঞ্জয়ে কয়, মই তেওঁৰ পৰিয়ালকে সেয়া ঘূৰাই দিছো।

২০১৮ চনত যেতিয়া এই ঘটনা সংবাদ মাধ্যমত আহিছিল, তেতিয়াই তুমুল চৰ্চাৰ সৃষ্টি কৰিছিল। সঞ্জয় দত্তৰ জীৱনৰ উত্থান-পতনৰ এগৰাকী মুগ্ধ দৰ্শক আছিল নিশা পাটিল। তেওঁৰ সংগ্ৰামৰ কাহিনী আৰু প্ৰত্যাৱৰ্তনৰ শক্তিৰ পৰা অনুপ্ৰাণিত হৈয়ে নিশাই এনে সিদ্ধান্ত লৈছিল। বলীউডৰ তাৰকাৰ সৈতে অনুৰাগীৰ সম্পৰ্ক কিমান আৱেগিক আৰু গভীৰ হ’ব পাৰে এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিছে।

উল্লেখ্য যে সঞ্জয় দত্তৰ ব্যক্তিগত জীৱন আৰু কেৰিয়াৰ – দুয়োটা উত্থান-পতনেৰে ভৰি আছিল। ‘বাস্তৱ’, ‘মুন্না ভাই এম বি বি এছ’, ‘খলনায়ক’, ‘সাজন’, ‘অগ্নিপথ’ৰ দৰে অসংখ্য ছবিত তেওঁ নিজৰ পৰিচয় গঢ়ি তুলিছে। সম্প্ৰতি সঞ্জয় দত্ত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে বহু চৰ্চিত দুখন ছবিৰ জৰিয়তে।

এখন হৈছে ৰাজনৈতিক একচন ড্ৰামা ‘ধুৰন্ধৰ’, য’ত তেওঁৰ সৈতে আছে ৰণবীৰ সিং, আৰ মাধৱন, অক্ষয় খান্না আৰু অৰ্জুন ৰামপাল। আনহাতে, প্ৰভাস অভিনীত হৰৰ-কমেডী ‘দ্য ৰাজা চাব’, য’ত প্ৰভাসে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত লগতে নিধি আগৰৱাল আৰু মালবিকা মোহননেও অভিনয় কৰিছে। অহা ৫ ডিচেম্বৰত মুক্তি পাব এই দুয়োখন ছবি।

Related News